ভাৰতলৈ অহাত বাধা চলচ্চিত্ৰ নিৰ্মাতাক

Share This Article

গোৱাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এজন চলচ্চিত্ৰ নিৰ্মাতাক উপস্থিত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। ‘এ মাইনৰ’ নামৰ চলচ্চিত্ৰখনৰ নিৰ্মাতা ৰেজা ডৰমিছিয়ানৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰিছে ইৰাণ চৰকাৰে। উল্লেখযোগ্য যে ‘ এ মাইনৰ’ নামৰ চলচ্চিত্ৰখন বৃহস্পতিবাৰ আৰু শুকুৰবাৰে গোৱা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল যদিও তেওঁক উপস্থিত থকাৰ পৰা বাৰণ কৰা হ’ল। ‘এ মাইনৰ’ নামৰ চলচ্চিত্ৰখন এগৰাকী মহিলাৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে৷উক্ত কাহিনীটোত মহিলাগৰাকীৰ জীয়ৰী গৰাকীক সংগীত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল তেওঁৰ পিতৃ তথা মহিলাগৰাকীৰ ৰক্ষণশীল স্বামীয়ে। চলচ্চিত্ৰ নিৰ্মাতা জনৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘ তেওঁৰ ওপৰত আইন অনুসৰি ব্যৱস্থা লোৱা হৈছে৷অৱশ্যে ডৰমিছিয়ানক আটক কৰা হৈছে নে নাই,সেই বিষয়ে কোনো সবিশেষ তথ্য লাভ কৰা নাই।’ডৰমিছিয়ানে সামাজিক মাধ্যমত ইৰাণ চৰকাৰক প্ৰায়ে সমালোচনা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ হৈছে ইৰাণ চৰকাৰ।মেহছা আমিনি নামৰ ২২বছৰীয়া কুৰ্ডীছ যুৱতী গৰাকীৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ সময়তো যথেষ্ট সৰৱ আছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকী।ইৰাণ চৰকাৰে মহিলাই হিজাব পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰাৰ পিছতেই তীব্ৰ প্ৰতিবাদ হৈছিল দেশখনত।ইৰাণৰ চলচ্চিত্ৰ জগতৰ লোকসকলে ইয়াৰ বিৰোধিতা কৰাৰ বাবে ইৰাণ চৰকাৰে সেই লোক সকলক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল।বিগত ছেপ্তেম্বৰ মাহৰ পৰাই ৩ জন চলচ্চিত্ৰ নিৰ্মাতাক দেশ এৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল।এই চলচ্চিত্ৰ নিৰ্মাতা কেইজনৰ ‘চাইলেণ্ট হাউছ’ নামৰ চলচ্চিত্ৰখন নেডাৰলেণ্ডছত প্ৰদৰ্শন হোৱাৰ কথা আছিল ৷কিন্তু তেওঁলোকৰ পাছপোৰ্ট ইৰাণ আৰক্ষীৰ জিম্মাত আছে ।ভাৰতৰ গোৱাত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰাৰ ক্ষেত্ৰত ইৰাণ চৰকাৰে একে ব্যৱস্থাই গ্ৰহণ কৰিলে ডৰমিছিয়ানৰ ক্ষেত্ৰতো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.