Investigative reporting with dedication.

ওদালগুৰি জিলাৰ মাজবাটত নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্রীয় সমিতি আৰু ওদালগুৰি জিলা সমিতিৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষাৰ কেন্দ্র সমূহ হৈছে নাহেৰুৱা হাইস্কুল, মাজবাট কলেজ, জিংগাবিলৰ আছৰাবাৰীৰ ইউ এন বি একাডেমী। ওদালগুৰি জিলাৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ কেন্দ্রসমূহত ষষ্ঠ আৰু অষ্টম শ্রেণীৰ মুঠ ৪,৯৩০ গৰাকী ছাত্র ছাত্রী নৱম শ্ৰেণী আৰু দশম শ্রেণীৰ মুঠ ২,৬২০ জন ছাত্র ছাত্রীয়ে অংশগ্রহণ কৰে বুলি নিখিল বড়ো ছাত্র সন্থাৰ ওদালগুৰি জিলা সমিতিৰ শিক্ষা সম্পাদক বিকাশ বডোছাই সাংবাদিকক জানিবলৈ দিয়ে। আজিৰ এই প্ৰতিভা সন্ধানী পৰীক্ষাৰ কেন্দ্রসমূহ পৰিভ্ৰমণ কৰে ওদালগুৰি জিলা নিখিল বড়ো ছাত্র সন্থাৰ সম্পাদক ধৰণী বড়ো, ৰাহুলৰাজ দৈমাৰী,বাবুৰাম দৈমাৰী, জিলা সাহিত্য সম্পাদক দনেশ্বৰ বসুমতাৰী আদিয়ে।




