‘The Cross Current’ত অনিচ্ছাকৃতভাৱে ৰাজনীতিক মাধৱ ৰাজবংশীৰ সলনি কাৰিকৰী ভুলবশতঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীৰ ফটো সম্বলিত এটা বাতৰি প্ৰকাশ হৈছিল। কোনো উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত বাতৰি প্ৰচাৰ কৰা হোৱা নাছিল। একমাত্ৰ কাৰিকৰী ভুলৰ বাবেহে বাতৰিটো প্ৰচাৰ হ’ল। অনিচ্ছাকৃত ভুলৰ বাবে আমি ডাঃ ৰাজবংশীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। ইতিপূৰ্বেই ‘The Cross Current’-এ উক্ত বাতৰিটো প্ৰত্যাহাৰ কৰিছে।