তলা ওলমিব নেকি অসম সাহিত্য সভাৰ কাৰ্যালয়ত?

Share This Article

২০২৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নাৰায়ণপুৰত অনুষ্ঠিত হ’ব ষষ্ঠ সপ্ততিতম অসম সাহিত্য সভাৰ অধিৱেশন । তাৰ পূৰ্বে অসম সাহিত্য কাৰ্যালয়ৰ কাম -কাজত স্থৱিৰতা ৷ প্ৰাপ্য বেতনৰ পৰা বঞ্চিত সাহিত্য সভাৰ কৰ্মচাৰী বহিব প্ৰতিবাদত ৷

চৰকাৰে কিয় প্ৰতাৰণা কৰিছে অসম সাহিত্য সভাৰ ৪২জন কৰ্মচাৰীক?
৭ মাহে দৰমহা নাই সাহিত্য সভাৰ কৰ্মচাৰীৰ

জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা ৷ দৰমহাৰ অভাৱত নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবেও আনৰ হাতলৈ মুখলৈ চাব লাগে অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে৷ কৰ্মচাৰীক দৰমহা দিবলৈ অপাৰগ সাহিত্য সভাৰ নেতৃত্ব৷ জাতিৰ মেৰুদণ্ড স্বৰূপ অসম সাহিত্য সভাত এতিয়া অচলাৱস্থা

মাহিলী দৰমহাৰ বাবে প্ৰতিবাদ কৰিব লাগে অসম সাহিত্য সভাৰ কৰ্মচাৰীয়ে ৷ সময়মতে নিজৰ প্ৰাপ্য ধনৰ বাবে যুঁজিব লাগে কৰ্মচাৰী সকলে।

ইফালে সন্মুখত অসম সাহিত্য সভাৰ নিৰ্বাচন৷ এসপ্তাহৰ দৰমহা নিদিলে অসম সাহিত্য সভাৰ প্ৰায় অৰ্ধশতাধিক কৰ্মচাৰী নামিব প্ৰতিবাদত ৷
যিহেতু পূৰ্বতে অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ দৰমহা আছিল ২০১৯-২০২০ বৰ্ষত ১ কোটি ২১ লাখ টকা ।।
২০-২১ বৰ্ষত পালে ৯৩ লাখ টকা ।
২১-২২ বৰ্ষত পালে ৪৫ লাখ টকা আৰু
২২-২৩ত পালে ৪০.৫০ লাখ টকা।
যিহেতু মাহিলী কৰ্মচাৰী সকলক লাগে প্ৰায় ১০ লাখ টকা । আনহাতে
বছৰত ১ কোটি ২১ লাখ টকাৰ প্ৰয়োজন হয় । কিন্তু লাহে লাহে প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ ৭ মাহে দৰমহা নাই কৰ্মচাৰী সকলে।
কিন্তু কৰ্মচাৰীৰ এনে দুৰৱস্থাৰ কথা শুনিব নুখুজে বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকে ৷ নিজা পুঁজি থকাৰ পাছতো কৰ্মচাৰীক এমাহৰ দৰমহা দিবলৈও যেন চৰকাৰৰ মুখলৈ বাট চাব লগা হয় অসম সাহিত্য সভাই ৷

এইহেন শাৰদীয় দুৰ্গোৎসৱৰ বতৰতো বিচৰামতে
পৰিয়ালক একো এটা দিব পৰা নাই সাহিত্য সভাত কাম কৰা কৰ্মচাৰীয়ে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.