Investigative reporting with dedication.

অভিনেতা কিশোৰ দাসে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ৷এমাহ দিন ধৰি আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাস শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ৷পৰবর্তী সময় আৰু অধিক উন্নত চিকিৎসাৰ বাবে কিশোৰ দাস ৰাওনা হয় চেন্নাইলৈ৷ কিশোৰ দাসৰ অভিনীত প্ৰথম খন ধাৰাবাহিক আছিল “বিধাতা”। নৃত্যত দক্ষতা থকা কিশোৰ দাসে কেইবাটাও ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত হোৱা ৰিয়েলিটি শ্ব’ত অ’ডিশ্বনো দিছিল।উল্লেখ্য যে,কেইবাজনো জনপ্ৰিয় সংগীত শিল্পীৰ গানৰ ভিডিঅ’ৰ জৰিয়তে অতি চিনাকী মুখ হৈ পৰা কিশোৰ দাস ২০১৪ চনৰ পৰা অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল।




