Investigative reporting with dedication.

উত্তৰাখণ্ডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ পিতৃ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। এক টুইটযোগে গৌৰৱ গগৈয়ে কয় যে “কোনোবাই হিমন্তবিশ্ব শৰ্মালৈ এটা ডেটল মাউথৱাছ পঠিয়াই দিব নেকি ?” সাংসদগৰাকীয়ে হিমন্তবিশ্ব শৰ্মাৰ কথা-বতৰাক ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ মতাদৰ্শৰ লগত তুলনা কৰি কয় যে যিদৰে আৰ এছ এছে ভাৰতীয় তথা হিন্দু সভ্যতা সংস্কৃতিৰ কথা ক’ব বিচাৰে কিন্তু মুখ খুলিয়েই অপ্ৰয়োজনীয় কথা তথা বিদ্ৰুপ আদিহে ওলাই ঠিক একেই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ।
তাৰোপৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যই উত্তৰাখণ্ডৰ নিৰ্বাচনত বিজেপিৰ নিশ্চিত হাৰৰ বাবে হোৱা হীনমান্যতা আৰু হতাশাক প্ৰকাশ কৰিছে। গগৈয়ে কয় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই অসমৰ সভ্যতা সংস্কৃতিক নহয় বৰঞ্চ কোনো হত্যাকাৰী, ছিণ্ডিকেট, মাফিয়া আদিক প্ৰতিনিধিত্ব কৰিছে।



