মাতৃ দিৱসত শচীন টেণ্ডুলকাৰে “আই”ক দিলে নতুন মর্যাদা

Share This Article

মাতৃ দিৱস উপলক্ষে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে নিজ মাতৃক লৈ এটা বিশেষ টুইট কৰিছে। টুইটত টেণ্ডুলকাৰে লিখিছে-“আপুনি মোৰ বাবে আই কাৰণ,মোৰ সকলোবোৰৰ আঁৰত থকা আপুনি আশ্চৰ্যজনক আৰু অপূৰণীয়। মোৰ বাবে কৰা সকলোখিনি কষ্টৰ বাবে ধন্যবাদ।” এইদৰেই লিখি মাতৃৰ সৈতে পূজা কৰি থকা অৱস্থাত এখন ছেলফী আপলোড কৰিছে টুইটাৰত। শচীনৰ বহু অনুৰাগীয়ে ৰিটুইট কৰি কৈছে-‘ক্ৰিকেটৰ ভগৱানৰ মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা।’


বিশ্বৰ কোটি কোটি লোকে অমায়িক মাষ্টাৰ ব্লাষ্টাৰগৰাকীৰ খেল উপভোগ কৰিছে। কিন্তু ৰজনী টেণ্ডুলকাৰে ষ্টেডিয়ামত এবাৰেই শচীনৰ খেল উপভোগ কৰিছে। মুম্বাইত খেলা অন্তিমখন খেল মাতৃগৰাকীয়ে উপভোগ কৰিছিল। আৰু সেই দিনটোৰ খেলৰ মুহূৰ্তখিনি শচীনৰ বাবে আবেগিক আৰু স্মৰণীয় আছিল বুলি প্ৰকাশ কৰিছে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে মাতৃ ৰজনী টেণ্ডুলকাৰৰ সুযোগ্য পুত্ৰ শচীন টেণ্ডুলকাৰে ক’ৰোনাৰ সময়ত প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ড আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কেয়াৰ ফাণ্ডলৈ ২৫লাখকৈ ধন আগবঢ়াইছে। তদুপৰি পাৰ্যমানে ব্যক্তিগতভাৱেও যথেষ্ট লোকক খাদ্য সামগ্ৰী যোগান ধৰি আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছে। ক্ৰিকেট জগততেই নহয়, এগৰাকী মাতৃৰ সুসন্তান হিচাপে ভাৰতৰ গৌৰৱ মহান ক্ৰিকেটাৰগৰাকীয়ে সামাজিক ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে প্ৰশংসাৰ পাত্ৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.