‘মস্তি কী চৰকাৰ’,ৰাইজৰ কথা ভবাৰ নাই দৰকাৰ !

Share This Article

‘ৰাইজৰ টকাৰে ‘মস্তি’ কৰিছে হিমন্ত বিশ্ব শর্মাই।হিমন্ত বিশ্ব শর্মাৰ দৰে মজা কৰা মুখ্যমন্ত্ৰী অসমত জন্মই হোৱা নাই।খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈ হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যায় মুখ্যমন্ত্ৰী।নাগপুৰলৈ যাবলৈ চার্টাড ফ্লাইট লাগে মুখ্যমন্ত্ৰীক।এখন ফ্লাইটত অকলেই উঠিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক’-এনেদৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক হেলিকপ্টাৰৰ পৰা নামিব নোখোজা মুখ্যমন্ত্ৰী আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যোৱাৰ পৰা চার্টাড ফ্লাইটত উঠি আৰএছএছৰ কার্যালয়লৈ যোৱাৰ কথাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক থকা সৰকা কৰিলে বিধায়ক অখিল গগৈয়ে। অসমৰ ইতিহাসত আটাইতকৈ বেছি উপভোগ কৰা মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰি অখিল গগৈয়ে ক’লে ‘ফ্লাইটৰ পৰা নামিবই নোখোজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।’কিন্তু মুখ্যমন্ত্ৰীৰ বিলাসিতাক লৈ হঠাৎ কিয় সৰৱ হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ? অখিল গগৈৰ দাবী,ৰাইজৰ টকাৰে মস্তি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বিলাসিতা কৰি থাকোতেই ৰাজ্য ডুব যাব লগা হৈছে ভয়াৱহ ঋণৰ বোজাত। অৰুণোদয় আঁচনি,অন্যান্য হিতাধিকাৰী সৃষ্টিৰ আঁচনি,বিশ্ব ৰেকর্ড গঢ়া বিহুৰ উপৰিও মুখ্যমন্ত্ৰীৰ এই বিলাসিতাৰ মাজতেই অসম চৰকাৰে দুটা বছৰতেই ল’ব লগা হ’ল সর্বমুঠ ৪০ হাজাৰ ৫০৮ কোটি টকাৰ ঋণ।কেৱল সিমানেই নহয়, ধাৰৰ ক্ষেত্ৰত বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক পূর্বৰ দুই মুখ্যমন্ত্ৰীৰ লগত তুলনা কৰি অখিল গগৈয়ে দাঙি ধৰিলে বিস্তৃত তথ্য। ১১ বছৰত তৰুণ গগৈ চৰকাৰৰ ধাৰ ২৪ হাজাৰ ৯২১ কোটি টকা আছিল। ৫ বছৰত সোনোৱাল চৰকাৰৰ ধাৰ ৪৮ হাজাৰ ৮০১ কোটি টকা আৰু দুটা বছৰত হিমন্ত বিশ্ব শর্মা চৰকাৰৰ ধাৰ ৪০ হাজাৰ ৫০৮ কোটি টকা।বিধায়ক অখিল গগৈয়ে দাঙি ধৰা তথ্য অনুসৰি,তৰুণ গগৈ চৰকাৰে গড়ে এবছৰত ধাৰ লৈছিল ২ হাজাৰ ২৬৫ কোটি ।সোনোৱাল চৰকাৰে বছৰি ধাৰ লৈছিল ৯ হাজাৰ ৭৬০ কোটি আৰু হিমন্ত বিশ্ব শর্মা চৰকাৰে বছৰি ধাৰ লৈছে ২০ হাজাৰ ২৫৪ কোটি ।উল্লেখ্য যে ১০ মে’ত সম্পূর্ণ হ’ব হিমন্ত বিশ্ব শর্মা চৰকাৰৰ দ্বিতীয় বর্ষপুৰ্তি৷ দ্বিতীয় বর্ষপূতিৰ প্ৰাকক্ষণত অসমৰ অর্থনৈতিক পৰিস্থিতিক লৈ এক সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই। অসমৰ অর্থনৈতিক পৰিস্থিতি সন্দর্ভত অসম চৰকাৰৰ ঋণ সন্দর্ভত তথ্য ডাঙি ধৰি অখিল গগৈয়ে ক’লে- ৬৯ বছৰত অসম চৰকাৰৰ ঋণ ৪১ হাজাৰ ৯৬৪ কোটি কিন্তু বিজেপিৰ ৭ বছৰত অসমৰ ঋণ সর্বমুঠ ৯১ হাজাৰ ৩০৯ কোটি টকা।আনফালে অসমৰ গড় জনমূৰি আয়ৰ তথ্য দাঙি ধৰিও অসমৰ অর্থনৈতিক পৰিস্থিতিৰ স্বৰূপ উদঙালে বিধায়ক অখিল গগৈয়ে।অখিল গগৈয়ে তথ্য দাঙি ধৰি কয়, যে চলিত বর্ষত দেশৰ গড় জনমূৰি ১ লাখ ৭০ হাজাৰ ৬২০ টকাৰ বিপৰীতে অসমৰ গড় জনমূৰি আয় মাত্ৰ ১ লাখ ১৮ হাজাৰ ৫০৪ টকা। গোৱাৰ জনমূৰি আায়ৰ লগত অসমৰ জনমূৰি আয়ৰ তথ্য দাঙি ধৰি বিধায়ক অখিল গগৈয়ে তীক্ষ্ণ সমালোচনা কৰে বৰ্তমানৰ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.