সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত মোবাইল সেৱাৰ আজি ২৫ বছৰ : কোনে কালৈ কৰিছিল প্ৰথমটো কল

 

মোবাইল ফোন এতিয়া আমাৰ জীৱনযাত্ৰাৰ  এক অভিন্ন অংগ ৷ পৰিয়ালৰ পৰা আমি বিচ্ছিন্ন হৈ থাকিব পাৰিম কিন্তু অলপমান সময়ৰ বাবেও মোবাইলৰ পৰা আতৰত থকাটো যেন এক গভীৰ যন্ত্ৰনাৰ বিষয় ৷ আমাৰ সকলোৰে জীৱন আৰু আমাৰ চৌপাশৰ সমাজখনক সলনি কৰি পেলোৱা মোবাইল টেলিসেৱাই আজি ভাৰতত ২৫ বছৰ সম্পূৰ্ণ কৰিলে ৷ চাবলৈ গ’লে ২৫ বছৰ বৰ দীঘলীয়া সময় নহয়৷ কিন্তু ২৫ টা বছৰৰ ভিতৰতে কিদৰে মোবাইল ফোনে আমাক সলনি কৰি পেলালে সেয়া বাৰে বাৰে ভাবি চাবলগীয়া ৷ আজিৰ পৰা ২৫ বছৰ আগতে ১৯৯৫ চনৰ ৩১ জুলাইত ভাৰতত মোবাইল ফোন সেৱাৰ উদ্বোধন কৰিছিল পশ্চিমবংগৰ তদানীন্তন  মুখ্যমন্ত্ৰী জ্যোতি বসুৱে ৷সেইদিনা দিল্লীৰ সঞ্চাৰ ভৱনত থকা ভাৰতৰ টেলিকম মন্ত্ৰী সুখৰামক জ্যোতি বসুৱে কলকাতাৰ পৰা মোবাইল ফোনযোগে প্ৰথমটো কল কৰিছিল ৷ তাৰ পাছত চকুৰ সন্মুখত পাৰ হৈ গ’ল ২৫ টা বছৰ ৷ যোৱা ২৫ টা বছৰত মোৱাইল সেৱা আৰু মোবাইল ফোনৰ হেণ্ডছেটলৈ আহিল বহু বৈপ্লবিক পৰিবৰ্তন ৷ ২৫ টা বছৰৰ ভিতৰত ভাৰতীয় জনজীৱনৰ মজ্জাত সোমাই পৰিল মোবাইল ফোন ৷

- Donation -

ভাৰতত মোৱাইল সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা দিনটোত আনন্দ বজাৰ পত্ৰিকাই প্ৰকাশ কৰিছে অভিৰূপ চৰকাৰৰ এটা বিশেষ নিবন্ধ ৷এই নিবন্ধত উল্লেখ কৰা  হৈছে যে ভাৰতীয় সমাজৰ গভীৰতম স্থানত  কিদৰে মোবাইল ফোনৰ প্ৰৱেশ ঘটিছে ৷ আজিৰ দিনটোত বিদয়ালয়ৰ কন কন ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ জেষ্ঠ্যতম আমোলাজনলৈ সকলোৰে জীৱন  মোবাইল ফোন অবিহনে অচল ৷টেলিকম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়া অৰ্থাৎ ট্ৰায়ৰ পৰিসংখ্যা অনুসৰি , ২০১৯ চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত ভাৰতৰ মুঠ মোবাইল গ্ৰাহকৰ সংখ্যা  ১১৫ কৌটিৰো বেছি ৷ ১৩৮ কৌটি জনসংখ্যাৰ দেশ ভাৰতৰ ৪০ শতাংশ লোকৰ বয়স ১৮ বছৰৰ কম ৷ আৰু ১৮ বছৰৰ তলৰ লোকে মোবাইল সেৱা বা ছিম কাৰ্ড লাভ নকৰে ৷ গতিকে ৪০ শতাংশ লোকক বাদ দিলে ভাৰতত প্ৰাপ্ত বয়ষ্ক লোকৰ যি সংখ্যা পোৱা যায় সেয়া মোবাইল গ্ৰাহকতকৈ যথেষ্ট কম ৷ অৰ্থাৎ ভাৰতৰ প্ৰাপ্তবয়ষ্ক লোকৰ সংখ্যাতকৈ এক্টিভ হৈ থকা ছিম কাৰ্ডৰ সংখ্যা বহুত বেছি৷ এয়া অবশ্যে এক গড় পৰিসংখ্যাহে ৷ ট্ৰায়ৰ তথ্য অনুসৰি ভাৰতৰ গ্ৰাম্যাঞ্চলত মোবাইল পৰিসেৱাৰ মুঠ গ্ৰাহকৰ সংখ্যা হ’ল ৫০.৭ কৌটি ৷আনহাতে চহৰাঞ্চলত মোবাইল পৰিসেৱাৰ গ্ৰাহকৰ সংখ্যা হ’ল ৬৪.৪ কৌটি ৷ পৰিসংখ্যা মতে  গাও অঞ্চলত প্ৰতি ১০০ জন লোকৰ ভিতৰত ৫৭ জন মোবাইল পৰিসেৱাৰ গ্ৰাহক হোৱাৰ বিপৰীতে চহৰ অঞ্চলত প্ৰতি ১০০ জন লোকৰ ১৫৭ টাকৈ মোবাইল পৰিসেৱাৰ সংযোগ আছে ৷ অৰ্থাৎ ভাৰতৰ গাৱত দুজন লোকৰ বিপৰীতে এটাকৈ মোবাইল সংযোগ থকাৰ বিপৰীতে চহৰত একোজন লোকৰ ডেৰটাকৈ মোবাইল সেৱাৰ সংযোগ আছে ৷ সৰ্বত্ৰ নহ’লেও ভাৰতৰ বহু দুৰ্গম অঞ্চলত এতিয়া মোবাইল সেৱা বিয়ৰি পৰিছে ৷ ২৫ বছৰৰ ভিতৰত ভাৰতত আন কোনো ব্যৱসায়ৰ ইমান বিস্তাৰ হোৱা দেখা নাযায় ৷

মোবাইল ফোনৰ পৰিসেৱা আৰু হেণ্ডছেটৰ ব্যৱসায়িক বিস্তাৰৰ ক্ষেত্ৰত আন এটা কথা বিশেষভাৱে লক্ষণীয় ৷সাধাৰণতে টেলিফোন ,টেলিভিছনৰ পৰা আৰম্ভ কৰি যিকোনো বৃহৎ আৱিষ্কাৰৰ ক্ষেত্ৰত এতিয়া একোটা পন্য প্ৰথম বজাৰলৈ আহে ,তেতিয়া তাৰ দাম হয় অত্যাধিক ৷ খুব সম্ভ্ৰান্ত মানুহে প্ৰথমে এই পন্য ক্ৰয় কৰিব পাৰে ৷ তাৰ পাছত ধাৰাবাহিক গৱেষণাৰ লগে লগে উৎপাদন খৰছ কমি আহে আৰু আন মানুহেও তাৰ সুবিধা লাভ কৰিব পৰা হয় ৷কিন্তু তাৰো এক সীমাবদ্ধতা আছে ৷এটা সময়ত সেয়াও এটা নিৰ্দিষ্ট মূল্যত স্থিৰ হৈ পৰে ৷ সমাজৰ একেবাৰে তলৰ আয়ৰ মানুহৰ বাবে সেই পন্য ক্ৰয় কৰাটো দু:সাধ্য হৈয়ে ৰয় ৷ উদাহৰণ হিচাপে আমি মটৰ গাড়ী, কম্পিউটাৰ আদিৰ কথাই কব পাৰো ৷ মধ্যবিত্তৰ মাজতে আজিও সেয়া সীমাবদ্ধ হৈ ৰৈছে ৷ কিন্তু মধ্যবিত্তৰ সীমা অতিক্ৰমি নিম্ন আয়ৰ লোকৰ মাজলৈও ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হৈছে একমাত্ৰ মোবাইল ফোন আৰু মোবাইল সেৱাই ৷ এয়াই অন্য পন্যৰ লগত মোবাইলৰ পাৰ্থক্য ৷কম আয়ৰ বিপুলসংখ্যক জনসাধাৰণৰ জীৱনতো মোবাইল সংযোগ এক অভিন্ন বিষয় হৈ পৰিছে ৷ একেসময়তে বিস্তাৰ হৈছে ইন্টাৰনেট সেৱাৰো ৷তথ্য অনুসৰি , ভাৰতৰ প্ৰতি ১০০ জন লোকৰ ভিতৰত ৫৪ জন লোকেই ইন্টাৰনেট ব্যৱহাৰ কৰে ৷ ইন্টাৰনেট গ্ৰাহকৰ আকৌ ৯৬ শতাংশই মোবাইল ফোনৰ জৰিয়তেহে ইন্টাৰনেটৰ সুবিধা উপভোগ কৰি আছে ৷ ইয়াৰ পৰা এটা কথা ক’ব পাৰি যে মোবাইল ফোন আৰু ইন্টাৰনেট সেৱা ইটো সিটোৰ পৰিপূৰক ৷ শেহতীয়াকৈ স্মাৰ্টফোনৰ ব্যৱহাৰে ইন্টাৰনেটৰ চাহিদাও ব্যাপক হাৰত বৃদ্ধি কৰিছে ৷ চাকৰি , ব্যৱসায় , অধ্যয়ন , আমোদ প্ৰমোদ সকলো হাতৰ মুঠিলৈ আনি দিছে মোবাইল সেৱাই ৷ চিলিণ্ডাৰৰ অৰ্ডাৰ দিয়াৰ পৰা আৰম্ভ কৰি প্ৰিয়জনৰ লগত ভিডিও ছাটলৈ সকলো সম্ভৱ কৰি তুলিছে মোবাইল ফোনটোৱে ৷ সেইবাবেই এই আয়তাকাৰ যন্ত্ৰটোৰ চাহিদাই সকলো সীমা অতিক্ৰম কৰি দ্ৰুতগতিত নিজৰ ব্যৱসায় বিস্তাৰ কৰি গৈ আছে ৷ একে সময়তে মোবাইল ফোনত নিহিত হৈ থকা ছোচিয়েল মেডিয়াৰ সুবিধাই যিমান আমাক উপকৃত কৰিছে , সিমানেই ভূল তথ্যৰে সমাজত ঘৃণাৰ বিষবাষ্প বিয়পাই দিছে ৷ ইন্টাৰনেট আৰু ছ’ছিয়েল মেডিয়াই অসীম ক্ষমতা প্ৰয়োগৰে একাংশই পৰিকল্পিত ভুল তথ্য প্ৰচাৰেৰে মানুহৰ মাজত বিভাজন অনাৰ চেষ্টা কৰিছে , মানুহৰ মগজুক কলুষিত কৰি তুলিছে ৷ গতিকে ভাৰতত মোবাইল সেৱাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত আমি মোবাইলৰ মাধ্যমেৰে অহা ভুল তথ্য , ভুৱা খবৰক লৈও সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷

 

Leave A Reply

Your email address will not be published.