পুনৰ সংকটত বিবিচি !

Share This Article

নতুন দিল্লীৰ এখন আদালতে বিবিচি,উইকিপিডিয়া ফাউণ্ডেচন আৰু ইণ্টাৰনেট আৰ্কাইভৰ বিৰুদ্ধে পুনৰ জাৰি কৰিছে চমন।বিজেপিৰ এগৰাকী সদস্য বিনয় কুমাৰ সিঙৰ এক আৱেদনৰ ভিত্তিত দিল্লীৰ আদালতে এই চমন জাৰি কৰিছে।নাম উল্লেখ নকৰাকৈ বিনয় কুমাৰ সিঙৰ আৱেদনত লিখা হৈছে ‘ অভিযুক্তই দশকজুৰি নিজৰ ভাৱমূৰ্ত্তি উন্নত কৰাৰ বাবে কাম কৰি আছে।যদি এই বিষয়টো ইমানতেই নিয়ন্ত্ৰণ কৰা নহয় তেন্তে ই অভিযুক্তৰ ইমান দিনীয়া ভাৱমূৰ্ত্তি তথা শ্ৰম ধূলিস্যাৎ কৰি পেলাব৷সেয়ে তেওঁ নিজৰ ভাৱমূৰ্ত্তি স্পষ্ট আৰু নিকা কৰি ৰাখিবলৈকে আদালতৰ কাষ চপা উচিত।’আৱেদনকাৰী সিঙে RSS আৰু বিশ্ব হিন্দু পৰিষদৰ ওচৰত বিবিচিয়ে চৰ্তহীন ক্ষমা বিচৰাৰ দাবী তুলিছে।ইতিমধ্যে দিল্লীৰ আদালতে বিবিচি,উইকিমিডিয়া আৰু ইণ্টাৰনেট আৰ্কাইভক RSS আৰু ইয়াৰ একে আদৰ্শৰ সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বিজেপিৰ বিৰুদ্ধে কোনো ধৰণৰ বাতৰি পৰিৱেশন নকৰিবলৈ সকীয়াই দিয়ে।উল্লেখ্য যে বিবিচিয়ে নিৰ্মাণ কৰা এই তথ্যচিত্ৰখন ২০০২ চনৰ গুজৰাট কাণ্ডৰ লগত তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সম্পৰ্কৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।দুটা খণ্ডৰ এই তথ্যচিত্ৰখন প্ৰথম অৱস্থাত বৃটেইনতহে সম্প্ৰচাৰিত হৈছিল।

চলিত বৰ্ষৰ ১৭ জানুৱাৰীত প্ৰথম খণ্ড প্ৰকাশ কৰিছিল বিবিচিয়ে।এই খণ্ডতেই তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক গুজৰাটত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে প্ৰত্যক্ষভাৱে জগৰীয়া কৰা হৈছিল।পশ্চিমৰ ৰাজ্য গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোডী অধিষ্ঠিত হৈ থকাৰ সময়ত প্ৰায় ১০০০ মুছলমান লোকৰ হত্যা হৈছিল বুলি তথ্যচিত্ৰখনত উল্লেখ আছে।এই তথ্যচিত্ৰখনত বিশ্ব হিন্দু পৰিষদকো এই হিংসাত্মক ঘটনাৰ বাবে দায়ী কৰা হৈছিল।উল্লেখযোগ্য যে বিগত বৰ্ষত উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডীক এই দোষৰ পৰা দোষমুক্ত কৰিছিল৷উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত প্ৰধানমন্ত্ৰী মোডীক আদালতে দোষমুক্ত ঘোষণা কৰিছিল।সিঙে তেওঁৰ আৱেদনত RSS আৰু বিশ্ব হিন্দু পৰিষদক উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি কয় যে সংগঠন দুটাক সমাজত হেয়প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে তথ্যচিত্ৰখন কৰা হৈছে।তথ্যচিত্ৰখনৰ মূল বিষয়খিনি ইউটিউব আৰু টুইটাৰত উপলব্ধ।সিঙে লগতে কয় যে RSS আৰু VHP ৰ তেওঁ এগৰাকী সক্ৰিয় সদস্য।তেওঁ লগতে কয় যদিও এই তথ্যচিত্ৰখন নিষিদ্ধ কৰা হৈছে উইকিমিডিয়া আৰু ইণ্টাৰনেট আৰ্কাইভত এতিয়াও এই তথ্যচিত্ৰ উপলব্ধ।বিবিচি,উইকিমিডিয়া,ইণ্টাৰনেট আৰ্কাইভক আদালতে ৩০ দিনৰ ভিতৰত উত্তৰ দিয়াৰ বাবে সময় ধাৰ্য কৰি দিছে।আদালতত এই গোচৰৰ শুনানি পুনৰ ১১ মে’ত অনুষ্ঠিত হ’ব।ভাৰতৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰি এই তথ্যচিত্ৰখন ‘উদ্দেশ্যপ্ৰণোদিত ‘ আৰু ঔপনিৱেশিক মানসিকতাৰ পৰিচায়ক বুলি সমালোচনা কৰিছে ।বিবিচিয়ে অৱশ্যে নিজৰ এই তথ্যচিত্ৰখন উচ্চমানৰ সম্পাদকীয় বৰ্ডৰ নিৰ্দেশনাৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে বুলি আত্মপক্ষক সমৰ্থন কৰি যুক্তি আগবঢ়াইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.