কৰোনো- মৃত ব্যক্তিকলৈও কেলেংকাৰী!

Share This Article

দিল্লীৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগৰ নিকায়লৈ ক’ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিঙৰ যোগেদি মৃতকৰ অন্তিম সংস্কাৰৰ তথ্য বিচাৰি প্ৰেৰণ কৰিছে পত্ৰ। বিগত সপ্তাহত স্বাস্থ্য সচিব পদ্মিনী সিংগলাই দিল্লীৰ উত্তৰ আৰু দক্ষিণ MCDৰ কমিছনাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। নিগমবোধ ঘাট, পঞ্জাৱীবাগ শৱদাহ গৃহ, ITOস্থিত কবৰস্থানত কোভিড-১৯ৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং কাৰ্যপ্ৰণালী অনুসৰি ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্ত্যেষ্টিক্ৰিয়াৰ তথ্য বিচাৰে। উল্লেখ্য যে এনে মৃতকৰ অন্তিম সংস্কাৰৰ বাবে তিনিটাকৈ ঠাই নিৰ্বাচন কৰা হৈছিল।
স্বাস্থ্য বিভাগে পত্ৰত লিখা অনুসৰি ক’ৰোনা পজিটিভ আৰু সংস্পৰ্শলৈ অহাৰ সন্দেহত মৃত্যু হোৱাসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ তথ্য দিব লাগিব। লগতে লেব’ৰেটৰী তথা চিকিৎসকৰ চাৰ্টিফিকেট দাখিল কৰিব লাগিব।
আনহাতে, সূত্ৰ অনুসৰি দিল্লী নগৰপালিকাই এই সন্দৰ্ভত উত্তৰ দিছে বিভাগক। ১৪মে’ত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত উত্তৰ আৰু দক্ষিণ MCDৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশিত হৈছিল এক বাতৰি। তাত কোৱা হৈছিল যে ক’ৰোনাৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰণালী অনুসৰি ৪১০জনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে। কিন্তু তেতিয়ালৈ ৰেকৰ্ড অনুসৰি ১০৬জনৰহে মৃত্যু হৈছিল। অৱশ্যে চিকিৎসক অৰু অধিকাৰীসকলে কয় যে কোভিড -১৯ৰ ICMRৰ গাইডলাইন অনুসৰি লোকৰ অন্তিম সংস্কাৰ সম্পন্ন হোৱা সকলো ব্যক্তি সংক্ৰমিত ব্যক্তি হোৱোটো জৰুৰী নহয়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau