সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনাতকৈ ভয়াৱহ : ৬৮ % ৰ মৃত্যুৰ কাৰণ

ভাৰতত ৫ বছতৰতকৈ কম বয়সৰ শিশুৰ ৬৮ শতাংশৰে মৃত্যুৰ কাৰণ হ’ল শিশু আৰু মাকৰ অপুষ্টি৷ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইণ্ডিয়া ষ্টেট ডিজিজ বাৰ্ডেন ইনিটিয়েটিভ’ শীৰ্ষক এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনৰ মতে ,২০০০ চনৰ তুলনাত ২০১৭ চনলৈ শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে যদিও কেবাখনো ৰাজ্যৰ জিলাসমূহৰ মাজত ব্যাপক বৈসাদৃশ্য দেখা গৈছে৷ এই সময়ছোৱাত ৫ বছৰ বয়সৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৪৯ শতাংশ হ্ৰাস পাইছে ৷ কিন্তু ৰাজ্যসমূহৰ মাজত ৬ গুণ পৰ্যন্ত আৰু জিলাসমূহৰ মাজত ১১ গুণ পৰ্যন্ত পাৰ্থক্য প্ৰতিফলিত হৈছে৷ তথ্য অনুসৰি , ২০১৭ চনত ভাৰতত ১০.৪ লাখ ৫ বছৰ বয়সৰ তলৰ শিশুৰ মৃত্যু হৈছে৷ ইয়াৰে ৫.৭ লাখেই আছিল নৱজাতক৷ আনহাতে ,২০০০ চনত দেশত ২২.৪ লাখ শিশুৰ মৃত্যু হৈছিল ৷ এইদৰে শিশুৰ মৃত্যুৰ সংখ্যা কমিলেও এই হাৰৰ দ্বাৰা ৫ বছৰৰ তলৰ শিশুৰ মৃত্যু ৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা ২০৩০ চনৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ নহ’ব৷ ইয়াৰ বাবে ভাৰতৰ ৩৪ শতাংশ জিলাত অধিক মনোযোগ দিব লাগিব বুলি প্ৰতিবেদনখনত কোৱা হৈছে৷ আই চি এম আৰৰ সঞ্চালক বি ভাৰ্গৱে এই প্ৰতিবেদনখন স্পৰ্শকাতৰ জিলাসমূহ চিনি উলিওৱাত সহায়ক হ’ব বুলি মন্তব্য কৰিছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.