ওলাব নোৱাৰা চক্ৰবেহুত ক্ৰমাৎ সোমাই পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

Share This Article

হিতাধিকাৰী আঁচনি সৃষ্টিৰে নিজৰ জয়গান গোৱা বিজেপি চৰকাৰে আকৌ ঋণ ল’ব। ৰাজকোষ উদং হৈ পৰা বিজেপি চৰকাৰে কেৱল ঋণৰ জৰিয়তেই গাইছে উন্নয়নৰ জয়গান। ইটোৰ পাছত সিটোকৈ হিতাধিকাৰী আঁচনি সৃষ্টি কৰি ৰাজকোষ খালী হৈ পৰিছে অসম চৰকাৰৰ। এতিয়া পুনৰ ঋণ ল’বলৈ সাজু হৈ উঠিছে শাসকীয় বিজেপি চৰকাৰ। অহা ১০ মে’ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি। সেই উপলক্ষে অহা ১১ মে’ত আয়োজন কৰা হ’ব বৰ্ষপূৰ্তিৰ বিশাল অনুষ্ঠান। নিযুক্তি দিয়া হ’ব হাজাৰ-হাজাৰ কৰ্মচাৰীক। কিন্ত সেই অনুষ্ঠানৰ পূৰ্বে অৰ্থাৎ অহা  ৯ মে’ত মুকলি বজাৰৰ পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে।

অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত শুকুৰবাৰৰ মুখ্য বাতৰিটোৱে আকৌ এবাৰ জোকাৰি গৈছে ৰাজ্য। কেগৰ প্ৰতিবেদনত অসমত ঋণৰ বোজা ব্যাপক ভাৱে বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছে। আৰু এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহ ব্যয়ৰ তুলনাত উৎপাদনমূলক ব্যয় বৃদ্ধিৰ বাবে কঠোৰ পৰামৰ্শ দিছে কেগৰ প্ৰতিবেদনত। কিন্ত তাৰ পাছতো দিশপুৰত বহি থকা শাসকীয় চৰকাৰখনে ঋণ ল’বলৈ কুণ্ঠাবোধ কৰা নাই। হিতাধিকাৰী আঁচনি সমূহৰ জৰিয়তে ৱাহ ৱাহ ল’বলৈ বিজেপি চৰকাৰখনে ঋণ লৈয়েই আছে। ঋণৰ বোজা লৈয়েই দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে সাজু হৈছে বিজেপি চৰকাৰ। এইবাৰ এহেজাৰ কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰৰ ঋণৰ পৰিমাণ হ’বগৈ ১ লাখ ৪২ হাজাৰ কোটি টকা। উল্লেখযোগ্য যে তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে ১৫ বছৰীয়া শাসনকালত ৩৫,৬৯০ কোটি টকাৰ ধাৰৰ বোজা এৰি থৈ গৈছিল। কিন্ত ২০১৬-১৭ বর্ষত দিশপুৰ দখল কৰা বিজেপি চৰকাৰে ৭ বছৰীয়া কাৰ্যকালত অৰ্থাৎ ফেব্ৰুৱাৰী মাহলৈ ধাৰৰ বোজা হৈছিলগৈ ১ লাখ ৩২ হাজাৰ টকা পৰ্যন্ত। অৰ্থাৎ তৰুণ গগৈ চৰকাৰে এৰি যোৱা ৩৫,৬৯০ কোটি টকাৰ ধাৰৰ বোজাৰ উপৰিও সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত ধাৰৰ পৰিমাণ হ’লগৈ ডিঙিলৈকে পোত যোৱা।
বিজেপি মিত্ৰজোট চৰকাৰে শাসনত বহাৰ এটা বছৰৰ ভিতৰতে ঋণৰ পৰিমাণ হ’লগৈ ৪৩,৯৮০.৫৬ কোটি টকা।২০১৭-১৮ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৪৯,২৭৪.৮৮ কোটি টকা।২০১৮-১৯ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৫৯,৪২৫.৬১ কোটি টকা। ২০১৯-২০ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৭২,২৫৬.৫২ কোটি টকা। ২০২০-২১ বৰ্ষত বিজেপি চৰকাৰৰ ধাৰৰ পৰিমাণ ৮৭,৪০৭.৭৯ কোটি টকা। ২০২১-২২ বৰ্ষত বিজেপি চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হয়গৈ ১,০৭,০০০ কোটি টকা।২০২২-২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ বিজেপি চৰকাৰৰ ধাৰৰ পৰিমাণ ১ লাখ ৩২ হাজাৰ কোটি টকা।এইখিনিতে উল্লেখ কৰিব লাগিব যে সৰ্বানন্দ সোনোৱালৰ পাছত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে ধাৰৰ বোজা। বিশেষকৈ  সোণোৱাল চৰকাৰৰ কাৰ্যকালতকৈ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ঋণৰ পৰিমাণ ভয়াবহ ৰূপত বাঢ়িছে।
এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এহেজাৰ কোটিৰ ঋণ লয়, তেনেহ’লে অসম চৰকাৰৰ ধাৰৰ পৰিমাণ হ’বগৈ ১ লাখ ৪২ হাজাৰ কোটি টকা। আৰু এনেকৈ হ’লে এই ঋণৰ পৰিমাণে বিপদত পেলাব অসম চৰকাৰক। চৰকাৰখনে বিগত সময়ছোৱাত লোৱা ঋণৰ ফলত সূতৰ বোজাও বাঢ়িছে ভয়াৱহৰূপত। ৰিজাৰ্ভ বেংকৰ জৰিয়তে মুকলি বজাৰৰ পৰা লোৱা ঋণৰ বাবদ ২০১৬-১৭ বৰ্ষৰ পৰা এই সময়লৈ কেৱল মাথোঁ সূতৰ নামত সৰ্বমুঠ বছৰি ভৰিবলগীয়া হৈছে ৩৪,২৭৪.৫৯ কোটি টকা। ২০১৬-১৭ বৰ্ষত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৩২০৯.৩২ কোটি টকা।২০১৭-১৮ বৰ্ষত বৰ্ষত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৩,৭৪৬.৭৫ কোটি টকা।২০১৮-১৯ বৰ্ষত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৫,৫৫৭.৭৫ কোটি টকা। ২০১৯-২০ বৰ্ষত বৰ্ষত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৪৪১৯.৫৫ কোটি টকা। ২০২০-২১ বৰ্ষত বৰ্ষত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৪,৩২৩.৮৪ কোটি টকা। ২০২১-২২ বৰ্ষত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৬০৩৮.৯৮ কোটি টকা।২০২২-২৩ বৰ্ষৰ যোৱা ডিচেম্বৰমাহ পৰ্যন্ত অসম চৰকাৰে ভৰা সুতৰ পৰিমাণ ৩,৯৭৮.৪০ কোটি টকা। এই ভয়াবহ সময়তে আন এক ভয়াবহ খবৰ হৈছে যে অসম চৰকাৰখনে যোৱা ৭ বছৰে হাজাৰ-হাজাৰ কোটি টকা সূতত দি আছে যদিও ধাৰৰ মূল ধনৰ এটকাও পৰিশোধ কৰা নাই। আৰু যদি পৰিবেশ এনেকৈয়ে থাকিবলৈ হয় তেনেহ’লে ২০২৫-২৬ বৰ্ষত অসম চৰকাৰে বছৰি ভৰিবলগীয়া সুতৰ পৰিমাণৰ ব্যয় হ’বগৈ ১০ হাজাৰ কোটি টকা আৰু এনেকৈয়ে এক ভয়াৱহ চক্ৰবেহুৰ মাজত সোমাই পৰিছে দিশপূৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.