সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এখন ফটো,এজন মানুহ আৰু এটা কাহিনী…

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এখন ফটো৷ কালি পিটিআইৰ জড়িয়তে আহিল সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ৷ সকলোৰে চকু থৰ হৈ ৰ’ল৷ ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা এজন মজদুৰ,ক্ৰন্দনৰত মুখায়ব৷ কি কথা পাতিছে তেওঁ ?ফোনৰ সিপাৰত কোন আছে? আৰম্ভ হ’ল অনুসন্ধিৎসা,অনুসন্ধান৷ অৱশেষত কাহিনী পোহৰলৈ আনিলে ‘ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ ‘কাকতে৷
লোকজনৰ নাম ৰাম কুমাৰ পণ্ডিত৷ এজন শ্ৰমিক ৷ থাকে নয়দাত ৷ ঘৰ বিহাৰৰ বেগুচৰাইত৷ সোমবাৰে পত্নীৰ পৰা এটা ফোনকল আহে- তেওঁলোকৰ এবছৰীয়া কন্যা সন্তানটি ঢুকাল৷ সকলো চিন্তা বাদ দি ৰাম কুমাৰ ৰাজপথলৈ ওলাই আহে৷ এটাই ইচ্ছা – মৃত সন্তানটিৰ মুখখন শেষবাৰৰ বাবে চোৱা৷ বাছ নাই,ট্ৰেইন নাই৷ খোজকাঢ়ি ৰাওনা হ’ল নয়দাৰ পৰা বেগুচৰাইলৈ৷ কিন্তু ঘাজিয়াবাদৰ ওচৰত পুলিচে আৱদ্ধ কৰিলে৷ হাজাৰ কাকুতি মিনতি,সন্তানৰ মুখখন শেষবাৰ চোৱাৰ ইচ্ছা গ্ৰাহ্য নকৰিলে আৰক্ষীয়ে৷ পৰৱৰ্তী তিনিদিন তেওঁক তাতেই ৰাখি থোৱা হ’ল৷ এন জি অ’য়ে খাদ্য দিলে ,কিন্তু মুখলৈ যায় কেনেকৈ? বাৰে বাৰে ভাহি আহিল কেচুঁৱাটোৰ মুখখন৷ কৰ্ণকুহৰত আঘাত কৰিলে এটি শিশুৰ কলৰবে৷ যি মাত আৰু কেতিয়াও শুনিবলৈ পোৱা নাযাব৷ তেনেকৈয়ে ফোনত ৰাম কুমাৰে ঘনে ঘনে খবৰ লৈ থাকিল ঘৰৰ,পৰিয়ালৰ৷ অৱশেষত পূৱ দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে আন কেইজনমান মজদুৰৰ সৈতে তেওঁক লৈ আহিল নতুন দিল্লী ৰে’ল ষ্টেচনলৈ৷তাৰ পৰা তুলি দিয়া হ’ল বিহাৰ অভিমুখী এখন ৰে’লত৷ সম্প্ৰতি বেগুচৰাইৰ এমচিডি স্কুলৰ কোৱাৰেন্টাইন চেন্টাৰত আছে ৰাম কুমাৰ পণ্ডিত৷ আশা ৰাখিছে – সোনকালেই পৰিয়ালৰ লোকক লগ পাব৷ কিন্তু থাকি গ’ল এটাই আফচোচ- নিজৰ সন্তানৰ মুখখন শেষবাৰলৈ চাব নোৱাৰিলে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.