সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ৷ ক’ত এই ঘটনা?

এক শোকাৱহ পথ দুৰ্ঘটনাত পুণৰ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঔৰায়া জিলাত ৷ আজি পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত আন ৩৭ শ্ৰমিকো আহত হৈছে ৷ ঘটনা বিৱৰণী মতে ,ৰাজস্থানৰ পৰা অহা আটা ভৰ্তি ট্ৰাকখনত ঝাৰখণ্ড, বিহাৰ আৰু পশ্চিমবংগলৈ যাবলগীয়া কেইজনমান শ্ৰমিক আছিল৷ মিহাউলী নামৰ ঠাইখনৰ এখন ধাবাত ট্ৰাকখন ৰখাই থোৱা হৈছিল৷ তেনে সময়তে পুৱতি নিশা দিল্লীৰ পৰা অহা আন এখন ট্ৰাকে ৰৈ থকা ট্ৰাকখনত খুন্দা মাৰে ৷ ফলত আটা ভৰ্তি তট্ৰাকখনত শুই থকা শ্ৰমিককেইজন বস্তাৰ তলত সোমাই পৰে ৷ এই ঘটনাত ২৪ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩৭ জন আহত হয়৷ আহত কেবাগৰাকীৰ অৱস্থা সংকটজনক৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.