সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সতী জয়মতীক সোঁৱৰিলে শিৱসাগৰীয়াই

আজি সতী জয়মতীৰ ৩৪৪ তম মৃত্যু দিৱস উদযাপন হয় শিৱসাগৰত।সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় ৩৪৪ তম মহাসতী জয়মতী দিৱস।জয়সাগৰৰ জয়মতী মৈদামত পৰম্পৰাগত আহোম ৰীতি নীতিৰে বানফী পূজা টাই পণ্ডিতৰ দ্বাৰা অনুষ্ঠিত কৰি মহাসতী জয়মতীৰ ৩৪৪ তম স্মৃতি দিৱস কাৰ্যসূচী ৰূপায়িত।অনষ্ঠানত অংশ গ্ৰহণ কৰে নাগালেণ্ডৰ ওৱাটলূংৰ ডালিমী পৰিয়ালৰ সদস্যই। তেওঁলোকে সতী জয়মতীৰ স্মৃতিত নিৰ্মাণ কৰা জয়সাগৰৰ জয় দ’ল পৰিদৰ্শন কৰে।মে নাং ৰাই মৌং ডুন ছুন খাম , ৰয়েল আহোম চছাইটি , আহোম জাতীয় গণ মঞ্চ , আহোম জাতীয় মহাসভা , আহোম সেনাৰ উদ্যোগত উদযাপিত এই স্মৃতি দিৱস।

Leave A Reply

Your email address will not be published.