সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাবুকিৰ ৰাজনীতি কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে !

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এতিয়া সততে আদালতলৈ যোৱা আৰু কাৰাগাৰত ভৰোৱাৰ কথা কয়। তেওঁৰ বিৰুদ্ধে কোনোবাই কিবা গুৰুতৰ অভিযোগ উত্থাপন কৰিলেই আদালতলৈ যোৱা অথবা কাৰাগাৰত ভৰোৱাৰ ভাবুকি দিয়া দেখিবলৈ পোৱা যায়। শনিবাৰে ইতিমধ্যে সাংসদ পদ খাৰিজ হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটৰ প্ৰত্যুত্তৰ দিবলৈ গৈও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক আদালতত মুখামুখি হ’ব লাগিব বুলি ৰিটুইট কৰে। কাৰ্যতঃ ৰাহুল গান্ধীক একপ্ৰকাৰ ভাবুকিয়েই দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই।ইয়াৰ কাৰণ হ’ল শনিবাৰে ৰাহুল গান্ধীয়ে এটা বিশেষ টুইট কৰিছিল।টুইটটোত ৰাহুল গান্ধীয়ে কংগ্ৰেছ ত্যাগ কৰা পাঁচ গৰাকী নেতাৰ নাম উল্লেখ কৰিছিল।টুইটটোত ৰাহুল গান্ধীয়ে লিখিছিল গোলাম, সিন্ধিয়া, কিৰণ, হিমন্ত, অনিলৰ নাম। ইয়াৰ দ্বাৰা ৰাহুল গান্ধীয়ে টুইটটোত উল্লেখ কৰিছিল গোলাম নবী আজাদ, জ্যোতিৰাদিত্য সিন্ধিয়া, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণকুমাৰ ৰেড্ডী, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীৰ নাম। আৰু টুইটটোৰ লগত এটা প্ৰশ্ন– আদানিৰ কোম্পানীত ২০,০০০ কোটি টকা কাৰ? এই টুইটৰে ৰিটুইট কৰি মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই—ৰাহুল গান্ধীক আদালতলৈ যোৱাৰ দিয়ে ভাবুকি।যোৱা দেওবাৰ অৰ্থাৎ দুই এপ্ৰিলত গুৱাহাটীত আম আদমি পাৰ্টি অসমৰ এখন ৰাজহুৱা সভাত অংশ ল’বলৈ আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী অসমলৈ অহাৰ পূৰ্বেই ৩১ মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই দিলে ভাবুকি । তেওঁক যদি অৰবিন্দ কেজৰিৱালে দুৰ্নীতিগ্ৰস্ত বুলি কয় তেন্তে মানহানিৰ গোচৰ তৰিব। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ মন্তব্য—“মোক দুৰ্নীতিগ্ৰস্ত সজালে মই কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিম”

অকল ইমানেই নহয়,ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই মানহানিৰ গোচৰ তৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’ডিয়াৰ বিৰুদ্ধে। অসমৰ পি পি ই কিট কেলেংকাৰীত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা জড়িত বুলি অভিযোগ কৰাৰ বাবেই মনীষ চিছ’ডিয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই।সম্প্ৰতি দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গৰাকী দিল্লীৰ আবকাৰী কেলেংকাৰী গোচৰত চি বি আইৰ হাতত গ্ৰেপ্তাৰ হৈ তিহাৰ জে’লত বন্দী হৈ আছে। ইমানৰলৈকে সকলো ঠিকেই আছে। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই তেওঁৰ মানহানি হোৱা বুলি গোচৰ তৰিছে। কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই —গোচৰ নিদিয়ে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে।জে’লত নভৰায় বদৰুদ্দিন আজমলক।মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই–গোচৰ নিদিয়ে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে।জে’লত নভৰায় হাগ্ৰামা মহিলাৰীক।

- Donation -

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বহু কথাই কয়। তেওঁক জে’লত ভৰোৱাৰ হুংকাৰ দিয়ে। ২০২০ চনৰ ডিচেম্বৰত বদৰুদ্দিন আজমল অধ্যক্ষাধীন আজমল ফাউণ্ডেছনৰ বিৰুদ্ধে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা সংস্থাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আজমল ফাউণ্ডেছনৰ বিৰুদ্ধে অভিযোগ আছিল ইছলামিক সন্ত্ৰাসবাদী সংগঠনক ধন দিয়া আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আজমল ফাউণ্ডেছনলৈ পুঁজি আহে। এই প্ৰসংগত দেশজুৰি ব্যাপক চৰ্চা হৈছিল। তেতিয়াৰ ৰাজ্যৰ স্বাস্থ্য,শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছতে বদৰুদ্দিন আজমলক কাৰাগাৰত ভৰোৱাৰ হুংকাৰ দিছিল। কিন্তু ড° হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল যদিও লিগেল ৰাইটছ অবজাৰভেটৰীৰ অভিযোগৰ সন্দৰ্ভতো আজি পৰ্যন্ত নহ’ল তদন্ত। ইয়াৰ বিপৰীতে আজমল ফাউণ্ডেছনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে কেইবালাখো টকা। আনহাতে ২০২০ চনত বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ তদন্ত কৰি জে’লত ভৰাব বুলি ঘোষণা কৰিছিল তেতিয়াৰ শিক্ষা,স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই। তাৰ পাছত ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক দুৰ্নীতিৰ প্ৰসংগত জে’লত ভৰোৱাৰ হুংকাৰ দিছিল ড° হিমন্তবিশ্ব শৰ্মাই। কিন্তু পৰৱৰ্তী সময়ত ড° হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল যদিও হাগ্ৰামা মহিলাৰী বৰ্তমানৰলৈকে জে’ললৈ যাব লগা হোৱা নাই। উল্লেখ্য ২০২০ চনৰ বিটিচি নিৰ্বাচনৰ আগলৈকে বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতাৰে দিছপুৰ আৰু বিটিচিত শাসন কৰি আছিল।এই মিত্ৰতা ছেদ হোৱাৰ পাছতেই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গোচৰ তৰাৰ,জে’লত ভৰোৱাৰ হুংকাৰ দি থাকে ড° হিমন্তবিশ্ব শৰ্মাই। কিন্তু বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গোচৰ তৰা,দুয়োজনকে জে’লত ভৰোৱাৰ হুংকাৰ দিয়া আদিবোৰ যে ৰাজনীতি সেই কথা এতিয়া সকলোৱে বুজি পাইছে। কাৰণ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা সিদ্ধহস্ত কূট কৌশলৰ ৰাজনীতিত। কাক কেনেকৈ কোন সময়ত ব্যৱহাৰ কৰি ৰাজনীতি কৰিব লাগে সেইকথা ভালদৰে জানে ড° হিমন্তবিশ্ব শৰ্মাই। যি ৰাজনীতিত তেওঁ সদায় কৌশলেৰে ব্যৱহাৰ কৰি আহিছে বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীক।

 

Leave A Reply

Your email address will not be published.