সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

২০ আগষ্ট তাৰিখে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ’ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা বৰ্ণাঢ্য আয়োজনেৰে অনুষ্ঠিত হয়।অসমৰ ২৯ খন জিলাৰ জিলা সমিতি সমূহৰ সভাপতি- সম্পাদক, বিশেষভাৱে আমন্ত্ৰিত সদস্য আৰু উপদেষ্টা পৰিষদ সদস্য সকলৰৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সমিতি আনুষ্ঠানিক ভাৱে ইয়াত ঘোষণা আৰু দায়িত্ব গ্ৰহণ কাৰ্য সম্পন্ন হয়। মাঙ্গলিক ধ্বনি, বন্তি প্ৰজ্বলন আৰু পুষ্পবৃষ্টিৰ পৰম্পৰাগত ৰীতিৰে আজি আনুষ্ঠানিক ভাৱে আবৃত্তি পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ যাত্ৰা আৰম্ভ কৰা হয়। পৰিষদৰ উপদেষ্টা পৰিষদৰ সদস্য জ্যোতিষ কুমাৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজ্যিক সভাৰ আৰম্ভণিতে উপস্থিত সকলোৰে চিনাকি পৰ্ব অনুষ্ঠিত হয়।পৰিষদৰ উদ্দেশ্য আৰু প্ৰথম ৰাজ্যিক সভাৰ সম্পৰ্কে বিশদ বৰ্ণনাৰে বক্তৃতা প্ৰদান কৰি ৰাজ্যিক আহ্বায়ক ডঃ হিতেশ গোস্বামীয়ে সকলোকে স্বাগতম জনাই আৰু ইতিপূৰ্বে গঠিত ২৯ খন জিলাৰ গঠন আৰু কাৰ্যক্ৰম সম্পৰ্কেও আভাস দিয়ে। পৰিষদৰ সদস্য তথা গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপক ডঃ দেৱশীষ শইকীয়াই সকলোৰে জ্ঞাতাৰ্থে দৃশ্য- শ্ৰৱ্য মাধ্যমেৰে স্বনামধন্য আবৃত্তিকাৰ, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত প্ৰথম প্ৰস্তুতি বৈঠকৰ পৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভালৈ সমগ্ৰ যাত্ৰা উপস্থাপন কৰে।পৰিষদৰ সৰ্বোচ্চ উপদেষ্টা পৰিষদৰ অনুমোদন ক্ৰমে খচৰা সংবিধান উপিস্থাপন কৰি ডঃ হিতেশ গোস্বামীয়ে সবিশেষ ব্যাখ্যা আগবঢ়ায়।সভাতপৰিষদ গঠনৰ প্ৰচেষ্টাৰ প্ৰতি সহযোগিতা প্ৰকাশ কৰা বিশিষ্ট শিক্ষাবিদ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা তেজপুৰ বিশ্ববিদ্যালয় প্ৰাক্তন সম- উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীৰ শুভেচ্ছা বাৰ্তা অডিও মাধ্যমেৰে প্ৰকাশ কৰা হয়। উপদেষ্টা পৰিষদৰ সদস্য প্ৰতিষ্ঠিত কবি নীলিম কুমাৰ আৰু বিনয় শৰ্মাৰ উপস্থিততিত জ্যোতিষ কুমাৰ শৰ্মাই ৰাজ্যিক সমিতি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ৰাজ্যিক সমিতিৰ উপদেষ্টা পৰিষদৰ সদস্য হিচাপে গৌতম প্ৰসাদ বৰুৱা, জ্যোতিষ কুমাৰ শৰ্মা, ভূপেন চক্ৰবৰ্ত্তী , নীলিম কুমাৰ, ছৈয়দ চাদুল্লা আৰু বিনয় শৰ্মাই কাৰ্যনিৰ্বাহ কৰিছে। ৰাজ্যিক কাৰ্যবাহী সভাপতি হিচাপে ড° হিতেশ গোস্বামী ,উপ-সভাপতি হিচাপে মলয়া গোস্বামী (প্ৰশাসনিক),বেদব্ৰত দেৱ মিশ্ৰ (সাংগঠনিক), ৰিজুমনি শইকীয়া তামূলী (শিক্ষা-কৰ্মশালা) আৰু প্ৰাণজিৎ দাস (কাব্যনীল) (সহযোগিতা), ৰাজ্যিক সম্পাদক হিচাপে ৰাজীৱ বৰঠাকুৰ, কোষাধ্যক্ষ হিচাপে গুণীন ফুকন, ৰাজ্যিক সাংগঠনিক সম্পাদক হিচাপে ড° দেৱাশীষ শইকীয়া (গুৱাহাটী মণ্ডল), নীতু শৰ্মা (নামনি মণ্ডল), নয়নজ্যোতি খাউণ্ড (মধ্য মণ্ডল) আৰু বিনোদ বৰা (উজনি মণ্ডল), মুখপাত্ৰ (প্ৰচাৰ-প্ৰসাৰ) হিচাপে গুৱাহাটীৰ বিপুল শৰ্মা, যুটীয়া সম্পাদক হিচাপে গুৱাহাটীৰ দীপাঞ্জলি দাস পাঠক (সম্পাদকীয়), জ্যোৎস্নাৰাণী বেগম (প্ৰশাসনিক), যোৰহাটৰ ড° মন্টু কুমাৰ বড়া (শিক্ষা-কৰ্মশালা) আৰু হোজাই ৰ ৰাজীৱ হুছেইন( সহযোগিতা), কাৰ্যবাহী সদস্য হিচাপে বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস (প্ৰশাসনিক), বঙাইগাঁৱৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা (সাগঠনিক), নগাঁৱৰ সিদ্ধাৰ্থ শৰ্মা (শিক্ষা-কৰ্মশালা) আৰু কামৰূপৰসনত মহন্ত(সম্পাদকীয়/ব্যবস্থাপনা)ক মনোনীত আৰু দায়িত্ব প্ৰদান কৰা হয়। ইতিপূৰ্বে চৰকাৰী পঞ্জীয়নভুক্ত হোৱা আৰু ২৯ খন জিলা সমিতি গঠন হোৱা আবৃত্তি পৰিষদৰ ২১ জনীয়া ৰাজ্যিক সমিতিয়ে এতিয়াৰ পৰা আনুষ্ঠানিক ভাৱে কাৰ্য সম্পাদন কৰিব।সভাত উপদেষ্টা পৰিষদৰ সদস্য , বিশিষ্ট কবি নীলিম কুমাৰ, বিনয় শৰ্মা , ৰাজ্যিক সমিতিৰ উপ সভাপতি (প্ৰশাসনিক), ৰাষ্ট্ৰীয় সন্মান প্ৰাপক বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, উপ সভাপতি (সাংগঠনিক) বেদব্ৰত দেৱ মিশ্ৰই বক্তৃতা প্ৰদান লৰি আবৃত্তিৰ বাবে প্ৰণালীবদ্ধ ভাৱে পদক্ষেপ গ্ৰহণ কৰি এই মঞ্চৰ জৰিয়তে আগবাঢ়ি যোৱাৰ বাবে সকলোকে আহ্বান জনায়। নৱ মনোনীত কাৰ্যবাহী সভাপতি আৰু উপদেষ্টা পৰিষদৰ তৰফৰ পৰা উপস্থিত সকলো জিলাৰ সভাপতি-সম্পাদক, নৱ গঠিত সমিতিৰ সদস্যক একোটি স্মাৰকেৰে প্ৰতিষ্ঠাপক সদস্য সন্মান জ্ঞাপন কৰা হয়।উল্লেখযোগ্য যে অসমৰ গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলৰ প্ৰতিজন শিশুৰ মুখত আবৃত্তিৰ অমৃত যোগান ধৰা, অসমীয়া আবৃত্তি প্ৰশিক্ষণৰ লগত জড়িত ব্যক্তিসকলক “আবৃত্তি প্ৰশিক্ষক” হিচাপে চিনাক্ত কৰি সামাজিক স্বীকৃতি প্ৰদান কৰা, আবৃত্তিকাৰ, সম্ভাৱ্য আবৃত্তিকাৰ শিল্পীক পেছাদাৰী শিল্পী হিচাপে চিনাক্ত, প্ৰশিক্ষণ আৰু সামাজিক স্বীকৃতি প্ৰদান কৰা, আবৃত্তিৰ স্নাতক (বিশেষজ্ঞ), স্নাতকোত্তৰ (আবৃত্তিৰ ৰত্ন ইত্যাদি)ৰ বাবে অসমীয়া আবৃত্তিত নিয়োগৰ ব্যৱস্থা কৰা, অসমৰ আবৃত্তি খণ্ডক সংগঠিত খণ্ড হিচাপে গঢ়ি তোলা আৰু ইয়াক একক মঞ্চ হিচাপে সৃষ্টি কৰি সকলো সংশ্লিষ্ট ব্যক্তিক একত্ৰিত কৰা, অসমীয়া আবৃত্তিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যম, স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰীৰ কাৰ্যসূচীৰ বাবে “অসমীয়া আবৃত্তি পাঠ্যক্ৰম” প্ৰস্তুত কৰা আৰু এই পাঠ্যক্ৰমটোক পেছাদাৰীভাৱে প্ৰচাৰ কৰা নিজাববীয়াকৈ বা তৃতীয় পক্ষৰ দ্বাৰা আবৃত্তি প্ৰতিষ্ঠান স্থাপন কৰা, বৰ্তমানৰ আবৃত্তি প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰা আৰু অসমৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত অসমীয়া আবৃত্তিৰ প্ৰচাৰ কৰিব বিচৰা যিকোনো সৃষ্টিশীল দক্ষতা বিকাশ কৰা,অসমীয়া আবৃত্তিৰ ইতিহাস প্রস্তুত কৰাঅসমীয়া আবৃত্তি সকলোৰে মাজত জনপ্ৰিয় কৰি তোলাৰ বাবে পেছাদাৰী পন্থা আৰম্ভ কৰা বিভিন্ন পাঠ্যক্ৰম, সময়ভিত্তিক কৰ্মশালা, প্ৰশিক্ষণ কাৰ্যসূচী, সন্মিলন, বক্তৃতা, গৱেষণা আদিৰ জৰিয়তে আবৃত্তিৰ বিকাশ আৰু সুবিধা প্ৰদান কৰা আৰু বিশ্ববিদ্যালয়, সংগীত নাটক একাডেমী বা অন্যান্য প্ৰতিষ্ঠানত আবৃত্তি শিক্ষা আৰু পৰিবেশন কলাৰ স্বীকৃতি লাভ কৰা, নিৰ্বাচিত কবিতাৰ কবিতাৰ ডিজিটেল সংৰক্ষণ কৰা, সকলো আবৃত্তি বিদ্যালয়, কলা বিদ্যালয়, সংগীত বিদ্যালয়ৰ অন্যান্য সৃষ্টিশীল কলা প্ৰতিষ্ঠান বিদ্যালয়ৰ পঞ্জীয়ন আৰু সংযোগ, অসমীয়া আবৃত্তিৰ লগত জড়িত ব্যক্তি আৰু অন্যান্য সৃষ্টিশীল দক্ষতা, কবি আৰু আবৃত্তিকাৰ সমাজ ইত্যাদিৰ লগত জড়িত ব্যক্তিৰ প্ৰচাৰ আৰু বিকাশৰ বাবে কাম কৰা আদি উদ্দেশ্য আৰু পৰিকলনাৰে গুৱাহাটীত এই।অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আনুষ্ঠানিক যাত্ৰা আৰম্ভ হৈছে।

Leave A Reply

Your email address will not be published.