সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোণাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দহটা বাছকবনীয়া মন্তব্য

মহামাৰীক লৈ মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি অহা নাই ড’নাল্ড ট্ৰাম্প। পৃথিৱী যেতিয়াৰ পৰাই ক’ৰোণাৰ গ্ৰাসত সোমাল তেতিয়াৰ পৰাই সময়ে-অসময়ে মনৰ কথা প্ৰকাশ কৰি আহিছে ট্ৰাম্পে।
কীটাণুনাশক ইনজেকশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গৰমত ক’ৰোণা মৰালৈকে,আমেৰিকাৰ ৰাষ্ট্ৰপতিড’নাল্ডট্ৰাম্পেদি গৈছে ইটোৰ পিছত সিটো অদ্ভুত মন্তব্য।তাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত ৭৭ হাজাৰজনৰ মৃত্যু হৈছে আৰু প্ৰায় ১৩ লক্ষাধিক লোক সংক্ৰমিত হৈছে।
মাজতে এবাৰ হোৱাইট হাউছৰ সংবাদমেলত ট্ৰাম্পে আনকি কৈছিল যে ভেকচিন অবিহনেই ক’ৰোণা এদিন নিৰাময় হব । লগতে ট্ৰাম্পে ইয়াকো কৈছিল যে এই ক্ষেত্ৰত মাৰ্কিন মুলুকৰ ৯৫হাজাৰতকৈও অধিক বেছি লোকৰ মৃত্যু হ’ব।

ট্ৰাম্পে কৈছিল,“মই ভেকচিন আৰু কৰোণা টেষ্টক লৈ একেই মত পোষণ কৰোঁ, ভেকচিন অবিহনেই এদিন এই ৰোগ আঁতৰি যাব। আশা কৰোঁ এই মহামাৰীয়ে আৰু কেতিয়াও আমাৰ সমুখত দেখা নিদিব।’’
কিন্তু কথাটো হ’ল, ইয়াৰ কেইদিনমান আগতেই মন্তব্য সলোৱাত অভ্যস্ত ট্ৰাম্পে কৈছিল, “দেশত ভেকচিনৰ প্ৰয়োজন। এই বছৰৰ শেষৰ ফালেই আপোনালোকে ভেকচিন পাব। মই নিশ্চিতভাৱে এই কথা বিশ্বাস কৰোঁ। অৱশ্যে মোৰ ভুলো হ’ব পাৰে।’’
পঢ়ক ক’ৰোণাক লৈ ট্ৰাম্পৰ দহটা অদ্ভুত মন্তব্যঃ

১) ই অদৃশ্য হৈ যাব। এদিনৰ মৰীচিকাৰ দৰেই ই অদৃশ্য হৈ যাব।
২)পেন্সৰ মুখপাত্ৰ কেটি মিলাৰৰ আগদিনা নিগেটিভ অহাৰ পিছদিনাখন যেতিয়া পজিটিভ হ’ল;তেতিয়া ট্ৰাম্পে ক’লে- “টেষ্ট সঠিক নহয়। টেষ্টৰ সকলো ঠিক কিন্তু তাৰ মাজতো কিবা নঘটিবলগীয়া ঘটি যায়।”
৩) “যাৰ টেষ্টিঙৰ প্ৰয়োজন সেইসকলৰ টেষ্ট হ’ব। তেওঁলোকে টেষ্টৰ সুবিধা পাব। টেষ্ট খুউব সুন্দৰ।”
৪) “মই আগতেই জানো এয়া মহামাৰী। কোনোবাই ইয়াক মহামাৰী বুলি কোৱাৰ আগতেই মই জানো এয়া মহামাৰী।”
৫) “আপোনালোকে ইয়াক বীজাণু বুলি ক’ব পাৰে। ফ্লু বুলিও ক’ব পাৰে। যিকোনো নামেৰেই মাতিব পাৰে। মই ঠিক নিশ্চিত নহয় যে কোনোবাই জানে এইটো আচলতে কি।”
৬)“আমি কি কোনোধৰণৰ ইনজেকশ্যন ব্যৱহাৰ কৰিব পাৰোঁ, যাতে শৰীৰৰ ভিতৰতো চাফা হৈ যায়! এইটো পৰীক্ষা কৰি চালে মজাৰ হ’ব।”
৭)“ইষ্টাৰ আমাৰ বাবে বিশেষ দিন। মই সেই সময়ৰ কথাই ভাবিছিলো। মই ভাবো সেই সময়ত আমাৰ গীৰ্জাবোৰ যদি ভৰ্তি হৈ যায় কি যে মজা হব!”
৮)“ তত্বৰ কথা ক’ব লাগিলে, এপ্ৰিল মাহত, যেতিয়া গৰম পৰিব। ক’ৰোণা মেজিকৰ দৰেই নোহোৱা হ’ব। আমি আমাৰ দেশত বঢ়িয়া কাম কৰিছো। চীনেও খুউব কাম কৰিছে। মোৰ ভাব হয় সকলো মিলি ভালেই হ’ব।”
৯) “ভেণ্টিলেটৰ সঁচাই এটা ডাঙৰ কাৰবাৰ আৰু আমি হ’লো ভেণ্টিলেটৰৰ ৰজা। আমাৰ বহুত ভেণ্টিলেটৰ আছে।”
১০) “তেতিয়া হ’লে সংবাদগোষ্ঠীয়ে ভাবে আমাৰ দেশত সংক্ৰমণৰ সংখ্যা আটাইতকৈ বেছি। কিন্তু আমি এতিয়ালৈকে আটাইতকৈ বেছি টেষ্ট কৰিছো। যদি আমি কম টেষ্ট কৰিলোহেঁতেন, আমাৰ ইমান সংক্ৰমণ নহ’লে হয়। সেয়েহে মই কওঁ, বেছি টেষ্ট কৰাৰ ফলত আমাৰ অৱস্থা বেছি বেয়া হৈছে।”

সৌজন্য- ইণ্ডিয়ান এক্সপ্ৰেছ।

Leave A Reply

Your email address will not be published.