সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আনন্দ মিশ্ৰক বদলিৰ আঁৰত কি?

নায়কৰ পৰা খলনায়কলৈ৷এনকাউন্টাৰ জগতৰ পৰা ডিজিপি অফিচলৈ৷ আৰম্ভ কৰিছো আনন্দ মিশ্ৰৰ কথাৰে৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ আহ্বান আছিল,অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওক আৰক্ষী৷কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হবলৈ যাওতে,যেন সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও কঠোৰ হল আনন্দ মিশ্ৰৰ এন্টি নাক’র্টিক স্কোৱাড৷সেই কথাৰেই যেন আজি উমান দিলে মুখ্যমন্ত্ৰীয়ে৷
অপৰাধীৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰ বাহিনী৷চচিয়েল মেডিয়াতো বিশাল জনপ্ৰিয়তা আনন্দ মিশ্ৰ৷অপৰাধীৰ ৰম্যভূমিত ৰাইজৰ বাবে নায়কৰ দৰে আনন্দ মিশ্ৰ৷ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰম্ভ কৰি গৰুৰ চিণ্ডিকেটলৈ কঠোৰ আনন্দ মিশ্ৰ৷আনন্দ মিশ্ৰ বাহিনীৰ হাতৰ পৰা পলাই যাব নোৱাৰে অপৰাধী৷কিন্তু নগাওৰ কীর্তিকমল বৰাৰ এনকাউন্টাৰৰ পিছতেই দাগ লাগিল আনন্দ মিশ্ৰৰ জনপ্ৰিয়তাত৷প্ৰশ্ন উত্থাপন হবলৈ ধৰিলে আনন্দ মিশ্ৰৰ অপৰাধ বিৰোধী অভিযানৰ ওপৰত৷কীর্তি কমলৰ এনকাউন্টৰক ভূৱা এনকাউন্টাৰ আখ্যাৰে,আৰম্ভ হল প্ৰতিবাদ,গঠন হল জনমত৷দাবী উঠিল আনন্দ মিশ্ৰৰ বিৰুদ্ধেও তদন্তৰ৷তেতিয়াৰে পৰাই যেন আৰম্ভ হল,আনন্দ মিশ্ৰৰ নায়কৰ পৰা খলনায়ক হোৱাৰ যাত্ৰা৷
কীর্তিকমল বৰাৰ এনকাউন্টাৰৰ তদন্ত হল৷পবন কুমাৰ বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনৰ পিছতেই,ৰাজ্যৰ গৃহ বিভাগে নিদের্শনা প্ৰদান কৰিলে আৰক্ষী সঞ্চালক প্ৰধানক৷নিদের্শনা দিলে আনন্দ মিশ্ৰই গঠন কৰা এন্টি নাক’র্টিক স্কোৱাড ভংগ কৰিবলৈ৷গৃহ বিভাগৰ নিদের্শনাৰ পিছত এটা কথা ষ্পষ্ট হৈ পৰে,যে কীর্তিকমল বৰাৰ এনকাউন্টাৰ আছিল ভূৱা৷গৃহবিভাগৰ নির্দেশনাৰ পিছত এইবাৰ সংবাদমেল সম্বোধন কৰিলে আনন্দ মিশ্ৰই৷গৃহ বিভাগৰ নিদের্শনা মানি ললেও আনন্দ মিশ্ৰই মানি লবলৈ অস্বীকাৰ কৰিলে,যে কীর্তিকমল বৰা অপৰাধী নহয়৷পবন কুমাৰ বৰঠাকুৰ প্ৰতিবেদন আৰু প্ৰতিবেদনৰ ভিত্তিত গৃহ বিভাগৰ আৰক্ষী সঞ্চালক প্ৰধানক নিদের্শনা৷তাৰপিছত সংবাদমেল সম্বোধন কৰিয়েই যেন ভুল কৰিলে আনন্দ মিশ্ৰই৷সন্ধিয়ালৈ আহিল আন এটা নিদের্শনা৷সেইয়া হৈছে আনন্দ মিশ্ৰক বদলিৰ নির্দেশনা৷আনন্দ মিশ্ৰক নগাওৰ আৰক্ষী অধীক্ষক পদৰ পৰা তৎকালীন ভাবে বদলি কৰি অস্থায়ীভাবে নিযুক্তি দিয়া হল ধ্ৰুব বৰাক৷আৰু এনেদৰেই যেন একালৰ নায়ক আনন্দ মিশ্ৰ পৰিণত হল খলনায়কত৷আনন্দ মিশ্ৰৰ বদলিক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া৷কিন্তই সন্দর্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি বিধায়ক মৃনাল শইকীয়াই৷মৃণাল শইকীয়াই টুইটত লিখিছিল ”এটা ভুলৰ বাবে এজন বিষয়াক নিন্দা কৰাটো উচিত নহয়। তেওঁ নগাঁৱত ড্ৰাগছৰ সাম্ৰাজ্য ধ্বংসৰ চেষ্টা কৰি প্ৰশংসনীয় কাম কৰিছিল। তেওঁক কমেও আৰু এটা বছৰ অসমত প্ৰয়োজন আছে।’’ আন এটা টুইটত তেওঁ আক্ষেপ ব্যক্ত কৰি লিখিছে- ‘‘কি দুৰ্ভাগ্য…। অসমৰ মানুহে মিঞাৰ দাদাগিৰি হজম কৰিব পাৰে কিন্তু সামান্য পুলিচগিৰি হজম কৰিব নোৱাৰে(?)। ধিং, মৰিগাঁও, বৰপেটা, ধুবুৰী আদিৰ ভিতৰভাগ পৰিয়ালৰ সৈতে দৰ্শন কৰক। তেতিয়া অসমৰ পৰিস্থিতি উপলব্ধি কৰিব পাৰিব।’’  এইয়া আন্দ মিশ্ৰৰ প্ৰতি পর্যাপ্ত শাস্তিমূলক ব্যবস্থা,নে অন্য কিবা?

- Donation -

Leave A Reply

Your email address will not be published.