অখিল গগৈৰ আইনী যুঁজৰ বাবে অসমবাসীৰ আৰ্থিক সাহাৰ্য্য বিচাৰিলে কৃষক মুক্তিয়ে

Share This Article

‘কা’ আন্দোলনৰ বন্দী অখিল গগৈৰ জেলত থকা আজি প্ৰায় ৮ মাহেই হ’ল। বহুবাৰ জামিন লাভ কৰিয়ো চৰকাৰৰ নতুন নতুন গোচৰৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নোহোৱা কৃষক নেতা জনৰ এতিয়া আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধনৰ অভাৱ।

আজি এক সংবাদমেল যুগে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ চলাই নিবলৈ সংগঠনটোৰ ধনৰ অভাৱৰ কথা জানিবলৈ দি অসম বাসী ৰাইজৰ ওচৰত আৰ্থিক সাহাৰ্য্যৰ বাবে আহ্বান জনায়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্ক’ দি শইকীয়াই সংবাদমেল সম্বোধন কৰি জনাই যে বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলক ভাবে অখিল গগৈক বছৰ বছৰ ধৰি জেলত ৰখাৰ পৰিকল্পনা কৰিছে।তেনে এক প্ৰক্ষাপটত সংগঠন টোৱে অখিল গগৈৰ হৈ ওকালতি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। পিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক মাননী দিব পৰাকৈ সংগঠনটোৰ বৰ্তমান ধনৰ অভাৱ। যিহেতু উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ মাননী বহু বেছি, গতিকে সংগঠন টোৱে অসমবাসী ৰাইজক আৰ্থিক সাহাৰ্য্যৰে অখিল গগৈৰ আইনী যুজঁ চলাই নিয়াত সহায়ৰ আহ্বান জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.