শ্ৰেণী ৰাজ্য

মদ খালেও যাব চাকৰি !

অসম আৰক্ষীৰ ওপৰত প্ৰতিদিনেই বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে।শেহতীয়াকৈ কেইবাটাও ঘটনাই কপাই গ’ল অসম আৰক্ষীক।অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক হত্যা কৰা হ’ল ।বিগত ১৫ মে’ত সংঘটিত এই ঘটনাক প্ৰথমাৱস্থাত দুৰ্ঘটনাৰ ৰূপ দিয়া গৈছিল যদিও পিছলৈ ই এক হত্যাকাণ্ডহে বুলি…

ৰণক্ষেত্ৰ এৰি ছত্ৰভঙ্গ দিছে বিজেপি নেতাই !

যোৰহাট বিজেপিৰ খহনীয়া আজিও অব্যাহত। দলটো এফালৰ পৰা মথাউৰী ভঙাদি ভাঙি গৈয়েই আছে।চৰকাৰ-দল-প্ৰশাসন একাকাৰ হৈ যোৱাৰ অভিযোগৰ সময়তেই অহংকাৰৰ পতন ঘটিল যেন যোৰহাট জিলা বিজেপিৰ মাজত। যোৰহাট জিলা বিজেপিৰ এই সংঘাতে এনে ৰূপ লৈছেগৈ যে ধাৰাবাহিকভাৱে পদত্যাগৰ খবৰ আহিয়েই আছে।প্ৰথম…

‘বৰগছ’ত সাংবাদিকৰ কৰ্মশালা

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাৰ বৰগছ ৰিচৰ্টত ৫ জুলাইৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সাংবাদিক কৰ্মশালা। পুৱাৰে পৰা আৰম্ভ হোৱা কৰ্মশালাখনি মুকলি কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে…

সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে অসমৰ বিশিষ্ট নাগৰিকৰ গোহাৰি

মণিপুৰৰ অশান্ত পৰিস্থিতিয়ে আমাক উদ্বিগ্ন আৰু চিন্তান্বিত কৰি তুলিছে। আজি এমাহতকৈও বেছি দিন ৰাজ্যখনত ভাতৃঘাতী সংঘৰ্ষ চলি আছে। এশজনতকৈও অধিক লোক ইতিমধ্যে হিংসাৰ বলি হৈ মৃত্যুমুখত পৰিছে। শ শ ঘৰ-বাৰী জ্বলাই ধ্বংস কৰি পেলোৱা হৈছে।হাজাৰ হাজাৰ মানুহ নিজৰ ঘৰৰপৰা পলাই…

চৰকাৰী কৌশল : শাসকৰ স্বাৰ্থত জিলাই জিলাই সমষ্টিৰ সংখ্যা হ্ৰাস আৰু বৃদ্ধি

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত । অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰন আইন ২০০২ অনুসৰি । এই আইন অনুসৰি , সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হয় ২০০১ চনৰ লোকপিয়ল অনুসৰি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰতিখন জিলাত কিমান…

চৰকাৰ সলনি হোৱাৰ লগে-লগে খচৰা সলনি…

কংগ্ৰেছৰ দিনৰ সমষ্টিৰ খচৰাৰ পৰিৱৰ্তে বিজেপিৰ দিনৰ সমষ্টিৰ খচৰা সম্পূৰ্ণ ভিন্ন। লোকসভাৰ নিৰ্বাচনক সন্মুখত ৰাখিয়েই ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ নতুন খচৰা নেকি? নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। পিছে এইখিনিতে সৃষ্টি হৈছে আন…

অসমৰ প্ৰথমখন শ্ৰব্য অভিধান মুকলি

অসম প্ৰকাশন পৰিষদৰ সভাঘৰত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি মুকলি কৰে ‘পদ্মনাথ শ্ৰব্য অভিধান’। অসম প্ৰকাশন পৰিষদে যোৱা তিনি-চাৰি বছৰ ধৰি একাণপতীয়া প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা এই অভিধানখনিয়ে অসমীয়া ভাষাক এক মৰ্যাদাপূৰ্ণ…

মণিপুৰৰ উগ্ৰপন্থী নেতাৰ চিঠিত হিমন্ত বিশ্ব শৰ্মাৰ নাম

এজন উগ্ৰপন্থী নেতাৰ চিঠিছে এতিয়া জোকাৰিছে দেশৰ ৰাজনীতি ।এই চিঠিত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাম ।উগ্ৰপন্থী নেতাৰ বিস্ফোৰক মন্তব্য – নিৰ্বাচন জিকিবলৈ উগ্ৰপন্থীৰে চুক্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।২০১৯ চনৰ ৭ জুনত মণিপুৰ উগ্ৰপন্থী সংগঠন ইউ কে এল…

অশৰীৰী আত্মাই বিদ্যালয়ত খাইছিল খাদ্য !

বিদ্যালয়ত ভূত? ভূতৰ নামত টকা ঘটিছিল প্ৰধান শিক্ষক তথা অধ্যক্ষই ! হয়,ভূতৰ নামত অবাধে ধন ঘটিছিল অসমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষই।মুঠ ৪ লাখ ৫০ হাজাৰ মান বিগত এটা বছৰে ঘূৰি ফুৰিছিল অসমৰ বিদ্যালয়বোৰত।হয়,এই কথা আমাৰ নহয়,অসমৰ…