গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

Share This Article

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে ।
বিগত বৰ্ষত কৰ’না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ’না নিৰাময়ৰ এক উত্তম উপায়। দেশী গৰুৰ মূত্ৰই কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা মানুহক বচাব পাৰে বুলি জনাইছিল নেত্ৰীগৰাকীয়ে। সেয়েহে কৰ’না সংক্ৰমণৰ পৰা নিজক বচাবলৈ কোনো ঔষধ গ্ৰহণ কৰাৰ প্ৰয়োজন নাই বুলিও তেওঁ কয় । তেওঁ কৈছিল যে তেওঁৰ নিজৰ বহুতো শাৰীৰিক সমস্যা আছে সেয়েহে তেওঁ সদায় গোমূত্ৰ সেৱন কৰে । সদায় গোমূত্ৰ সেৱন কৰা এইগৰাকী বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত।
উল্লেখনীয় যে ২০০৮ বৰ্ষৰ মালেগাঁও বোমা বিস্ফোৰণৰ প্ৰধান অভিযুক্ত এইগৰাকী প্রজ্ঞা সিংহ ঠাকুৰ গোমূত্ৰৰ উপকাৰীতাৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি বহু সময়ত চর্চালৈ আহিছিল। বিগত বৰ্ষত গোমূত্ৰ সেৱন কৰিয়েই তেখেতৰ স্তন কেঞ্চাৰ নিৰ্মূল হৈছিল বুলি দাবী কৰিছিল নেত্ৰীগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.