Investigative reporting with dedication.

আজি বিয়লি কংগ্রেছ ত্যাগ কৰিব পাৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। গৰুখুটিৰ উচ্ছেদৰ সময়ত ছহিদক অপমান কৰা মন্তব্য কৰি জেললৈ যাবলগীয়া হৈছিল বিধায়কজন। লগতে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰো অভিযোগ উঠিছিল বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰাৰ কথা কৈ বিতৰ্কত সোমাই পৰিছিল। কংগ্রেছক নিজৰ বিতৰ্কিত মন্তব্যৰে বিপদত পেলাই থকা বিধায়ক আলীক কংগ্রেছৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শাবলৈ জাননী প্ৰেৰণ কৰিছিল। আজি জাননীৰ উত্তৰ দিয়াৰ অন্তিম দিন। কিন্তু বিধায়ক শ্বেৰমান আলী নিজেৰ স্থিতিত অটল।




