অসমে মেঘালয়ক গতাব ২ খন সত্ৰ, ২০ টা নামঘৰ: সত্ৰ মহাসভাই কি কয় ?

Share This Article

অসম- মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে অসম চৰকাৰে শেহতীয়াকৈ ভুমি হস্তান্তৰৰ এক চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৷ বিৰোধী দলসমূহে এই চুক্তিক একপক্ষীয় বুলি অভিহিত কৰিছে ৷ একেসময়তে অসম সত্ৰ মহাসভাই সদৰী কৰিছে যে এই চুক্তিৰ ফলত দুখন সত্ৰ আৰু ২০ টা নামঘৰ মেঘালয়ৰ অন্তৰ্ভুক্ত হ’ব ৷ সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্তই কয় যে তেওলোকে শুনিবলৈ পোৱা মতে অসমৰ দুখন সত্ৰ আৰু ২০ টা নামঘৰ মেঘালয়ক হস্তান্তৰ কৰা হ’ব ৷ এয়া কেতিয়াও গ্ৰহনযোগ্য নহয় আৰু সত্ৰ মহাসভাই কেতিয়াও ইয়াৰ অনুমতি নিদিয়ে ৷ প্ৰয়োজনত সত্ৰ মহাসভা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলিও মহন্তই সদৰী কৰে ৷
মেঘালয়ত অন্তৰ্ভুক্ত হোৱাৰ আশংকা ব্যক্ত কৰি নেটৱাজাপাৰ সত্ৰাধিকাৰ বিজয় ৰাভাই কয় যে তেওঁৰ সত্ৰখন লঙচাই গাঁৱত অৱস্থিত ৷ সত্ৰত ১০০ ঘৰ লোকে বাস কৰে ৷ তেওঁলোকে ইমানদিনে অসমত ভোটদান কৰি আহিছে আৰু নিজৰ সন্তানকো অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ এতিয়া যদি সত্ৰখন মেঘালয়ক হস্তান্তৰ কৰা হয় , খ্ৰীষ্টধৰ্মী ৰাজ্যখনত নিজৰ সত্ৰৰ সংস্কৃতি বৰ্তাই ৰখাটো সম্ভৱ নহ’ব বুলি সত্ৰাধিকাৰ ৰাভাই শংকা প্ৰকাশ কৰে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে এই সত্ৰখন দুই শতিকা আগতে স্থাপন কৰা হৈছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.