Investigative reporting with dedication.

বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকখনত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠক শেষ হোৱা পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে।
*মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ বাবেহে অন্যান্য বাহন পথত ৰখাই থ’ব পাৰিব।
*মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰত থাকিব কেৱল ৬ খন বাহন আৰু গুৱাহাটীৰ বাহিৰত থাকিব ১২ খন বাহন।
*চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷
*কেন্দ্ৰীয় মন্ত্ৰীৰ বাবে বিষয়টো পৃথক।
*জিলা পৰ্যায়ত মন্ত্ৰীসকলে কেৱল সম্বৰ্ধনাৰ নামত গছপুলি ৰোপন কৰিব পাৰিব।
*বাজেট বৰ্হিভূত কোনো আঁচনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব৷
*তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন।
*প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব।
*১০ মাৰ্চৰ পূৰ্বে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ।
*১৪ মাৰ্চৰ পৰা বাজেট অধিবেশনৰ বাবে ৰাজ্যপালক অনুৰোধ।




