উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ ৩০ জনীয়া নাম প্ৰকাশ

Share This Article

সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচন। ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন। যাৰবাবে এতিয়া তুংগত উঠিছে প্ৰতিটো দলৰে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলেই আনটো দলক কৰিছে তীব্র সমালোচনা।
শাসনাধিস্থ বিজেপি চৰকাৰেয়ো উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩০ জনীয়া এখন লিষ্ট প্ৰকাশ কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জে. পি নড্ডা, ৰাজনাথ সিং, নিতিন গাডকাৰী, যোগী আদিত্যনাথ, স্মৃতি ইৰাণীকে ধৰি বহু কেইজন হাই-প্ৰফাইল নেতাই চলাব উত্তৰ প্ৰদেশত প্ৰচাৰ।
কিছুদিনৰ আগৰলৈকে উত্তৰ-প্ৰদেশত বিজেপি দল এক সুবিধাজনক স্থানত আছিল যদিও নিৰ্বাচনৰ দিন ঠিক হোৱা পাছতেই ৩ মন্ত্রীসহ ১০ জন বিজেপি বিধায়কে দল ত্যাগ কৰি সমাজবাদী পাৰ্টিত যোগদান কৰিলে। বিজেপিৰ নেতাৰ দল ত্যাগৰ পাছতেই গোটেই দলটোৰ ভিতৰচৰা হৈ পৰিছে থৰক-বৰক। এতিয়া লক্ষণীয় হ’ব এইসকল হাই-প্ৰফাইল নেতাই নিৰ্বাচনী প্ৰচাৰ চলোৱা পাছতো নিজৰ দলটোক জয়ী কৰিব পাৰিব নে নোৱাৰে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.