Investigative reporting with dedication.

আগন্তক পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ পিছুৱাব পাৰে। আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে পঞ্জাৱত নিৰ্বাচন ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ দিন ধায্য কৰিছিল। কিন্তু পঞ্জাৱৰ প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যখনৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাই দিয়াৰ কথা কৈছে। ৰাজ্যখনৰ নিৰ্বাচনী দিন পিছুৱাই দিয়াৰ কথা ৰাজনৈতিক দলসমূহে কোৱা মূল কাৰণ ক’ভিডৰ জটিল পৰিস্থিতি বাবে নহয়। শ্ৰী গুৰু ৰবিদাসৰ জন্ম জয়ন্তীৰ বাবেহে নিৰ্বাচনী দিন পিছুৱাই দিয়াৰ পক্ষে ৰাজনৈতিক দল তথা নেতাই পোষকতা কৰিছে। কিয়নো পঞ্জাৱৰ লাখ লাখ ভক্ত গুৰুৰ জন্মস্থান বেনাৰসলৈ প্ৰণাম কৰিবলৈ ভ্ৰমণ কৰে।




