Investigative reporting with dedication.

বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ হিচাপে নিযুক্তি। লগতে মহাকাশ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে এছ সোমনাথক। কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত এছ সোমনাথক নিযুক্তি। বৰ্তমান বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ(ভিএছএছচি) সঞ্চালক হিচাপে কৰ্মৰত সোমনাথ। শুক্ৰবাৰে ইছৰো বৰ্তমানৰ অধ্যক্ষ কে শিৱানৰ কাৰ্যকাল সম্পূ্ৰ্ণ হোৱা পাছতেই এছ সোমনাথে কাৰ্যভাৰ গ্ৰহণ কৰিব।


