ভাৰতত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি

Share This Article

সমগ্ৰ দেশতে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতত সোমবাৰৰ দিনটোত ১,৭৯,৭২৩ জন ৰোগী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে। বৰ্তমানৰলৈকে মুঠতে ভাৰতত  ৭,২৩,৬১৯ জন লোক আক্ৰান্ত হৈছে কোভিডৰ তৃতীয়টো ঢৌত। যোৱা ২৪ ঘণ্টাত ১৪৬ জন ৰোগী মৃত্যু হৈছে কোভি়ডত। আনহাতে, অমাইক্ৰনৰ আক্ৰান্ত হৈছে ৪,০৩৩ জন। সৰ্বাধিক  মহাৰাষ্ট্ৰত ১,২১৬ ৰোগী আক্ৰান্ত হৈছে অমাইক্ৰনত। লগতে ৰাজ্যত যোৱা ২৪ ঘণ্টাত ৯৮৮ জন আক্ৰান্ত হৈছে কোভিডত।

আজিৰে পৰা স্বাস্থ্য সেৱা, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ বছৰতকৈ অধিক বয়সৰ লোকসকলক ‘বুষ্টাৰ ডজ’  প্ৰদান কৰা ব্যবস্হা আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি, তৃতীয় পালিটো প্ৰথম দুটা ডজৰ দৰে একে ভেকছিন হ’ব আৰু যিসকলক ন মাহ আগতে টিকাকৰণ কৰা হৈছিল তেওঁলোকক দিয়া হ’ব এই তৃতীয়টো ডজ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.