নগৰবেৰাৰ জলজলী নদীৰ ওপৰত ১কোটি টকাৰ দলং৷ কিন্তু কিয় প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শর্মাৰ দক্ষতাকলৈ?

Share This Article

ৰাইজে নখ জোকাৰিলে নৈ বয়…
জনসাধাৰণৰ প্ৰতি চৰকাৰৰ কৰ্তব্য ক’ত আৰম্ভ হৈ ক’ত শেষ হয়, ইয়াৰ সঠিক উত্তৰ লাভ কৰাটো কঠিন। সময়ে সময়ে প্ৰায়েই বহু লোক উন্নয়নৰ পৰা বঞ্চিত হ’ব লগা হয়। কিন্তু ৰাইজৰ মনোবল জানো নিঃশেষ কৰিব পাৰিব চৰকাৰে!
বাস্তৱত এয়াই প্ৰতিফলিত হৈছে কামৰূপ জিলাৰ নগৰবেৰাত। নগৰবেৰা অঞ্চলৰ জলজলী নদীৰ ওপৰত প্ৰায় ১কোটি টকাৰ ব্যয়সাপেক্ষে ৰাইজৰ নিজা ধনেৰেই নিৰ্মাণ কৰি উলিয়াইছে কাঠৰ দলং। ইণ্ডিয়া টুডে’ত প্ৰকাশিত বাতৰি অনুসৰি নগৰবেৰাৰ ১০খন গাঁৱৰ ৭০০০ ৰাইজৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত সফল হৈ উঠিছে দলংখনৰ নিৰ্মাণকাৰ্য। ২০১৮ বৰ্ষৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দলংখনৰ মুঠ দৈঘ্য ৩৩৫ মিটাৰ। উল্লেখ্য যে বহুবছৰ ধৰি স্থানীয় ৰাইজে যাতায়াতৰ ব্যৱস্থাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। বাৰিষা আহিলেই ভাগি পৰিছিল স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ। ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী, বজাৰ-সমাৰ বা অন্যান্য যাতায়াতী ব্যৱস্থাৰ ক্ষেত্ৰত একমাত্ৰ উপায় আছিল টুলুঙা আৰ্হিৰ নাও। বৰ্তমান স্থানীয় গাঁওবাসীৰ একক প্ৰচেষ্টাত সম্পন্ন হৈ উঠা কাঠৰ দলংখনে সকাহ দিছে ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো ৰাইজক। গাঁওবাসী সকলৰ এতিয়াও আশা-ভবিষ্যতৰ দিনত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ‌ই কাঠৰ দলংখনৰ সলনি কংক্ৰীটৰ দলং নিৰ্মাণ কৰি দিব।
কিন্তু এই খবৰৰ পাছতেই প্ৰশ্ন হয়,ৰাজ্যখনৰ দক্ষ মন্ত্ৰী হিচাপে পৰিচিত গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই খবৰ সম্পৰ্কে অৱগত হয় নে নহয়? বিগত দুটাকৈ বৰ্ষত জলজলীৰ নদীৰ ওপৰত নিৰ্মিত ৩৩৫মিটাৰ দৈৰ্ঘৰ দলংখনৰ প্ৰয়োজনীয়তা মন্ত্ৰীগৰাকীৰ চকুত নপৰাতো অকৰ্মণ্যতা নে চকু মুদা কুলিৰ ভাও, তাতো সচেতন মহলে প্ৰশ্নৰ অৱতাৰণা কৰিছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই বাতৰি সম্পচাৰিত হোৱাৰ পিছত গড়কাপ্টানিৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ ঘটিলে নিশ্চয়কৈ ভুক্তভোগী গঞা উপকৃত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.