মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা

Share This Article

দ্য ক্ৰছকাৰে্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰিৰ সঠিক তদন্ত বিচাৰি এতিয়া ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবৰ বাবে কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি অহা দুসপ্তাহৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰোৱাৰ দাবীত প্ৰদেশ কংগ্ৰেছে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ ইয়াৰ সমান্তৰালভাৱে ১৪ টা লোকসভা সমষ্টিত সলটোৱে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিব ৷ আনহাতে , জানুৱাৰী মাহতে ৩৩ লাখ সদস্যভৰ্তিৰ লক্ষ্যও পূৰণ কৰা হ’ব বুলি ভূপেন বৰাই ঘোষণা কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.