জাতীয় সংগ্ৰামক অধিক তীব্ৰতৰ কৰাৰ সংকল্পৰে কৃষক মুক্তিৰ নতুন সমিতি- সম্পাদকৰ দায়িত্বত বিতু সোণোৱাল আৰু বিদ্যুৎ শইকীয়া

Share This Article

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হ’ল বিতু সোণোৱাল আৰু বিদ্যুৎ শইকীয়া৷কা আন্দোলনৰ সময়তে  নিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈ দীর্ঘদিন ধৰি কাৰাবন্দী হৈ ৰৈছিল বিতু সোণোৱাল৷উল্লেখনীয় যে,১৮ আৰু ১৯ ডিচেম্বৰত নগাওত অনুষ্ঠিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধি সভা আৰু বিষয়বাচনী সভা৷প্ৰতিনিধি সভাৰ সিদ্ধান্তমর্মে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে মনোনীত হয় ৰাজু বৰা আৰু দেৱেন শৰ্মা৷আনহাতে  কাৰ্যকৰী সভাপতি হিচাপে মুকুট ডেকা, ৰাজু বৰপাত্ৰ গোহাঁই আৰু ৰাতুল হুছেইন, উপসভাপতি হিচাপে মুন দাস, বিমলা গগৈ, আব্দুল ৰহিম, ইন্দিৰা চাংমা, জিতেন দ’লে, দীপক শৰ্মা, দেৱজিৎ পাটৰ, চেইফ পাৱ, বুবুল শৰ্মা আৰু শ্বৰিফ উদ্দিন মাজাৰ ভূঞা মনোনীত হয়৷

আনহাতে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে মানস কোঁৱৰ আৰু দেবব্ৰত শইকীয়া,কার্যকৰী সভাপতি হিচাপে পাপু দত্ত আৰু কাশ্যপ নন্দন কলিতা আৰু সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হয় প্ৰাঞ্জল কলিতা আৰু ৰাহুল ছেত্ৰী৷

উল্লেখনীয় যে নগাওত অনুষ্ঠিত সংগঠন দুটাৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত অংশ গ্ৰহণ কৰে প্ৰায় দুই হাজাৰ প্ৰতিনিধিয়ে৷সভাত জাতীয় সংগ্ৰামক আৰু অধিক তীব্ৰতৰ আৰু আপোচহীন ধাৰা অব্যাহত ৰখাৰ পণ লয় নতুন সমিতিয়ে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.