Investigative reporting with dedication.

অৱশেষত মেঘালয়ৰ বৰ্ণিহাতত উদ্ধাৰ কৰা হল গুৱাহাটীৰ দিছপুৰৰ সৰু মতৰিয়া অঞ্চলৰ পৰা বিগত চাৰি দিন ধৰি নিৰুদ্দেশ হৈ থকা মাজুলীৰ সন্দীপ ভূঞা নামৰ যুৱক জনৰ মৃতদেহ। পল্টন বজাৰ আৰক্ষীৰ ভাষ্য অনুসৰি ২৯ বছৰীয়া মৃত যুৱক জন গুৱাহাটীৰ এটা বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত আছিল আৰু ২১ নৱেম্বৰৰ পৰা যুৱক জন নিৰুদ্দেশ হৈ আছিল। গুৱাহাটীৰ সৰু মতৰিয়াত ৰোহিত বৰুৱা নামৰ আন এজন ব্যক্তিৰ সৈতে বাস কৰা সন্দীপ শনিবাৰে কৰ্মক্ষেত্ৰলৈ ওলাই যোৱাৰ পিছত আৰু ঘুৰি অহা নাছিল। সন্দীপৰ ৰূমমেটৰ ভাষ্য অনুসৰি শনিবাৰে আবেলিৰে পৰাই সন্দীপৰ ফোন চুইচ অফ হৈ আছিল আৰু বিগত কিছুদিন ধৰি সন্দীপ কিবা এটা চিন্তাত আছিল আৰু ফোনত ব্যস্ত আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সন্দীপে কৰ্মক্ষেত্ৰত পোৱা মানসিক চাঁপৰ কথা প্ৰায়েই ৰূমমেটক কৈছিল। সন্দীপৰ পৰিয়ালে ইতিমধ্যেই পল্টন বজাৰ আৰক্ষী থানাত এখন এজাহৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে জোৰ-দাৰ তদন্ত আৰম্ভ কৰিছে।




