অসমৰ সত্ৰসমুহৰ কিমান ভূমি বেদখল হৈ আছে , তাৰ জৰীপ আৰু অধ্যয়ন চলাবলৈ গঠন কৰা হৈছে এখন বিশেষ সমিতি ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাক ৷ আন দুজন সদস্য হৈছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাওৰ বিধায়ক ৰূপক শৰ্মা ৷ তেওলোকে সত্ৰ পৰিদৰ্শন কৰি , ৰাজহুৱা শুনানি লৈ এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিব ৷