অসম জীয়ৰী বৰ্ণালী দাসে আবিষ্কাৰ কৰিলে বিৰল তৰা

Share This Article

এটা ইতিবাচক খবৰ। এগৰাকী অসম সন্তানৰ কীৰ্তিত্বই এতিয়া গৌৰম্বিত কৰিছে ৰাজ্যবাসীক। বহু ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী অসম জীয়ৰী। কিন্তু অসমীয়া সংবাদ মাধ্যমত বিশেষ চৰ্চা নাই এই খবৰটোৰ। পুনেৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেনটেল ৰিচাৰ্চ চমুকৈ টিআইএফআৰ নামৰ প্ৰতিষ্ঠানটোৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ এষ্ট্ৰোফিজিক্স বিভাগৰ গৱেষক ছাত্ৰী অসম জীয়ৰী বৰ্ণালী দাসৰ নেতৃত্বতে নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ এষ্ট্ৰোফিজিক্সৰ এটা গৱেষকৰ দলে আৱিষ্কাৰ কৰিলে বিৰল ৰেডিঅ তৰা । বৰ্ণালী দাসৰ এই সাফল্যত এতিয়া উৎফুল্লিত বৰ্ণালীৰ পৰিয়াল আৰু শুভাকাংক্ষী। অসম জীয়ৰী বৰ্ণালী দাস আৰু চুপাৰভাইজাৰ অধ্যাপক পুনম চন্দ্ৰৰ তত্বাৱধানত গৱেষকৰ দলটোৱে বিৰল ৰেডিঅ তৰা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্ণালী দাসৰ নেতৃত্বত এই দলটোৱে এই তৰা বোৰৰ বিশেষত্ব জানিবলৈ বিগত বৰ্ষত প্ৰথম বাৰৰ বাবে আপীল এমআৰপি পদ্ধতি প্ৰৱৰ্তন কৰিছিল। এক বিশেষ সূত্ৰৰ বাতৰি অনুসৰি বৰ্ণালী আৰু পুনমে দেখিছিল যে সেই বিশেষ তৰাটোৱে বাওঁ আৰু সোঁ দুয়োটা ফালে বৃত্তাকাৰ পোলাৰাইজড কম্পন সৃষ্টি কৰে। কোৱা হৈছে যে এই বিৰল শ্ৰেণীৰ ৰেডিঅ তৰা সূৰ্যতকৈ অধিক গৰম। এই ৰেডিঅ তৰাৰ আছে শক্তিশালী চুম্বকীয় ক্ষেত্ৰ। দুয়ো গৰাকী গৱেষকে ইতিমধ্যেই কম্পনাঙ্ক সম্পৰ্কে বিস্তৃত অধ্যয়ন কৰিছে। বৰ্ণালী আৰু পুনম দুয়োগৰাকীয়ে বিশ্বৰ দুটা আগশাৰীৰ কোম্পানীৰ ৰেডিঅ টেলিস্কোপ ব্যৱহাৰ কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৱে দিয়া তথ্য অনুসৰি দলটোৱে পূৰ্বে জিএমআৰটি প্ৰযুক্তি ব্যৱহাৰ কৰি এনে ধৰণৰ আৰু তিনিটা তৰা চিনাক্ত কৰিছিল। এই আৱিষ্কাৰ বোৰ জিএমআৰটিৰ গৱেষকৰ নিৰন্তৰ গৱেষণাৰ ফল। বৰ্ণালী আৰু অধ্যাপক পুনম তথা গৱেষকৰ দলটোৰ কামে প্ৰথমবাৰৰ বাবে প্ৰমাণ কৰিছে যে এম.আৰ.পিৰ দ্বাৰা প্ৰেৰণ কৰা ৰেডিঅ স্পন্দনবোৰত মহাকাশীয় মেগনেটোস্ফেয়াৰ সম্পৰ্কীয় বৃহৎ ৰহস্য লুকাই আছে। সি যিয়েই নহওঁক কিয় বৰ্ণালী দাসৰ এই আৱিষ্কাৰে এতিয়া আনন্দিত কৰিছে ৰাজ্যৰ সচেতন মহলক। বৰ্ণালীৰ সাফল্যই ৰাজ্যৰ শিক্ষা আৰু গৱেষণা ক্ষেত্ৰ খনত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী বৰ্ণালীৰ শুভাকাংক্ষী সকল। আগন্তুক দিনত বৰ্ণালী দাসে আৱিষ্কাৰ কৰক মহাকাশৰ নৱ ৰহস্য এতিয়া তাকেই কামনা কৰিছে দেশৰ জনসাধাৰণে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.