বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : কিমান শতাংশ উত্তীৰ্ণ ?

Share This Article

বিশেষ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮৮১৫ গৰাকী আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৪৯০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৩৪২১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ ৭০.৬৮ শতাংশ ৷ লক্ষণীয় কথাটো হ’ল ২৬৬ গৰাকী পৰীক্ষাৰ্থীয়েহে নতুন মূল্যায়ন পদ্ধতিৰে ঘোষিত ফলাফলত সন্তুষ্ট নহৈ বেটাৰমেন্ট দিছিল ৷ ইয়াৰে ৩৭ গৰাকীয়ে ডিষ্টিঙছন , ৬৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক , ৯৪ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৬১ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে ৷ আনহাতে , কমপাৰ্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ সকলৰ ভিতৰত ২৫ গৰাকীয়ে ষ্টাৰ মাৰ্ক আৰু ৩২৪ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.