উদ্বেগজনকঃ বিগত ২০ বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাত ৩৮ জন লোকৰ মৃত্যু

Share This Article

বিগত মঙলবাৰে উত্তৰ প্ৰদেশৰ কাচগঞ্জত ২২ বছৰীয়া আলতাফ নামৰ এগৰাকী যুৱকক হিন্দু পৰিয়ালৰ এগৰাকী নাবালিকা নিৰুদ্দেশ হোৱাৰ ঘটনা সন্দৰ্ভত আটক কৰিছিল আৰক্ষীয়ে। তাৰ পিছতে যুৱক জনৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। যুৱক জনৰ এই ৰহস্যজনক মৃত্যুৰ এতিয়া সৰ্বত্ৰ আঙুলি উঠিছে আৰক্ষীলৈ। দেশজুৰি পুনৰ খুচৰিবলৈ আৰম্ভ কৰা হৈছে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ ৰেকৰ্ড। বিগত ২০ বছৰত দেশত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে প্ৰায় ১৮৮৮ জন লোকৰ। ইয়াৰ বিপৰীতে দোষী সাব্যস্ত হৈছে মাত্ৰ ২৬ গৰাকী আৰক্ষী বিষয়া। কিন্তু অসমত প্ৰতি বছৰে আৰক্ষীৰ জিম্মাত কিমান লোকৰ মৃত্যু হয় আপুনি জানেনে? বিগত ২০ বছৰত ৰাজ্যত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে প্ৰায় ৩৮ গৰাকী লোকৰ। ইয়াৰে ২০০২ চনত সৰ্বাধিক ৯ গৰাকী লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। তাৰ বিপৰীতে ২০১২ আৰু ২০১৬ চনত মৃত্যু হোৱা লোকৰ স্পষ্ট তথ্য পোৱা নাযায়। আনহাতে ২০২১ চনৰ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই। ২০০৯ আৰু ২০১৫ চনত ৰাজ্যত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল ক্ৰমে ৭ আৰু ৬ জনকৈ লোকৰ। অৱশ্যে ২০০০, ২০০৩,২০০৪,২০০৫,২০০৬,২০১১,২০১৪ আৰু ২০১৭ চনত ৰাজ্যত আৰক্ষীৰ জিম্মাত কোনো লোকৰ মৃত্যু হোৱা নাছিল। National Crime Records Burea-এ ৰাজহুৱা কৰা এখন বিশেষ তালিকাই স্পষ্ট কৰিছে এই তথ্য। দেশত এনে উদ্বগজনক খবৰ ৰাজহুৱা হোৱাৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.