নিজ গাঁওত শ্বহীদ সুমনৰ নশ্বৰ দেহ

Share This Article

মণিপুৰত শনিবাৰে অসম ৰাইফলছৰ কনভয়ত হোৱা আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আজি তেওঁৰ বাসভৱনলৈ অনা হ’ব।

ইতিমধ্যে শ্বহীদগৰাকীৰ নশ্বৰ দেহ বৰঝাৰ বায়ু সেনাৰ ষ্টেচনলৈ অনা হয়। বৰঝাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যোৰহাটৰ ৰৰৈয়া বায়ুসেনা ষ্টেচনৰ পৰা বৰঝাৰলৈ অনাৰ পিছত শ্বহীদগৰাকীৰ দেহ নিজ গাঁওলৈ লৈ যোৱা হৈছে।

শ্বহীদ সুমনৰ ঘৰ বাক্সা জিলাৰ থেকেৰাকুছিত। দেওবাৰে পুৱা পৰিয়ালক সুমন শ্বহীদ হোৱাৰ কথা অৱগত কৰোৱা হৈছিল। তাৰ পিছৰে পৰা সুমন স্বৰ্গীয়াৰীৰ ঘৰত শোকাকুল পৰিৱেশ বিৰাজ কৰে। উল্লেখ্য, সুমনে ২০১১ চনত সেনাত যোগদান কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.