কিডনী সৰবৰাহৰ জড়িত চিকিৎসক গুৱাহাটীত গ্ৰেপ্তাৰ

Share This Article

গুৱাহাটীত অতি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে মানৱ অংগ সৰবৰাহত জড়িত এজন চিকিৎসক ৷ মহানগৰ আৰক্ষীৰ জালত পৰা চিকিৎসকজন হৈছে ডা: অক্ষয় ৰাও ওৰফে ডা: ৰিচাৰ্ড আব্ৰাহাম লৰেন্স ৷ দিছপুৰ থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷ গুৱাহাটীৰ এগৰাকী বিবাহিতা মহিলাক অপহৰণ কৰাৰ অভিযোগ তুলি তেওৰ স্বামীয়ে এই গোচৰটো ৰুজু কৰিছিল ৷ কিন্তু চিকিৎসকজনৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহে আন কেতবোৰ ভয়ানক তথ্য ৷ এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে ডেৰাডুনত ৰুজু হৈ আছে কেবাটাও গোচৰ ৷ মূলত : কিডনী আৰু মানৱ অংগৰ চোৰাং ব্যৱসায়ৰ অভিযোগ আছে চিকিৎসকজনৰ বিৰুদ্ধে ৷ কেবাবাৰো তেও আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈও সক্ষম হৈছে ৷ কিন্তু শেষত তেও নাটকীয়ভাৱে ধৰা পৰিল মহানগৰ আৰক্ষীৰ হাতত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.