উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ উন্মোচন

Share This Article

ছচিয়েল মিডিয়াত মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী লিখি চৰ্চিত হোৱা উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এ টি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতী আৰু বিশিষ্ট লেখক ময়ুৰ বৰাই। অনুষ্ঠানত ভাষণ দি অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে কয় যে মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী গ্ৰন্থখনত সুন্দৰকৈ প্ৰকাশ পাইছে। গ্ৰন্থখনৰ মাজেৰে লেখকৰ ৰুচিবোধ সাবলীলভাবে প্ৰতিফলিত হৈছে। কিতাপখনৰ আলোক চিত্ৰবোৰো দৃষ্টিনন্দন হৈছে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰে এক সুকীয়া বৰ্ণিল ভূগোল আছে, বৰ্ণময় বুৰঞ্জী আছে। লেখকে দুঃসাহসিক যাত্ৰাৰ মাজেৰে কিতাপখনত এই কথাবোৰ তুলি ধৰাৰ বিনম্ৰ প্ৰয়াস কৰিছে। অনুষ্ঠানত ভাষণ দি ময়ুৰ বৰাই কয় যে কিতাপখন সুখপাঠ্য। ভাষণত তেওঁ অসমীয়া জাতিৰ উত্তৰণৰ বিষয়ে আলোচনা কৰে। অসমীয়া জাতিৰ উত্তৰণৰ বাবে যুব প্ৰজম্মৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে সোঁৱৰাই তেওঁ সাৱলীল ভাষণ আগবঢ়ায়। অনুষ্ঠানত লেখক উজ্জ্বল দিপ্লু গগৈয়ে কয় যে মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ দুঃসাহসিক যাত্ৰা ২০১৫ চনৰ পৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ আৰু থমকি ৰোৱা নাই। যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীবোৰ তেওঁ মাজে মাজে ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছিল। তাৰ পিছত তেওঁৰ এই যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনীবোৰ সামৰি ২০১৯ চনৰ পৰা কিতাপখন লিখিবলৈ আৰম্ভ কৰিছিল। ডঃ শিৰোমণি ভূঞাই আঁত ধৰা অনুষ্ঠানত ডঃ মন্টু কুমাৰ বৰাইও ভাষণ দিয়ে। অনুষ্ঠানত লেখক উজ্জ্বল দিপ্লু গগৈৰ যাত্ৰাত সহায় কৰা আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাকে ধৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.