অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মহাৰাষ্ট্ৰত

Share This Article

অসমৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়া মাৰ যোৱা নাই উত্তেজনা। আনকি এই উত্তেজনাই অসমৰ লগতে দেশৰ আন ৰাজ্যকো চুই গৈছে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মুম্বৰাত মুছলিম সংগঠনৰ নেতৃত্বত চলিছে এই প্ৰতিবাদ। হাতে-হাতে বেনাৰ-পোষ্টাৰ লৈ শতাধিক পুৰুষ-মহিলা। উত্তৰ প্ৰদেশত এগৰাকী মৌলানাক গ্ৰেপ্তাৰ কৰাৰো প্ৰতিবাদ প্ৰতিবাদকাৰীৰ। দুয়োটা কাৰ্যকে অবৈধ আখ্যা দিছে প্ৰতিবাদী সমদলটোৱে। উত্তৰ প্ৰদেশ আৰু অসমৰ চৰকাৰক গৰিহণা দিছে প্ৰতিবাদকাৰীয়ে। ইতিমধ্যেই মুম্বৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰত আবেদনো দাখিল কৰিছে প্ৰতিবাদী লোক সকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.