শ্বেৰমান আলীক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছৰ

Share This Article

শ্বহীদ সম্পৰ্কে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিৰূপ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত। শ্বেৰমান আলীৰ দায়িত্বজ্ঞানহীন অবিবেচক মন্তব্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ ফলস্বৰূপে নিজৰেই দলৰ বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম প্ৰদেশ কংগ্ৰেছ। শ্বেৰমান আলীক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কংগ্ৰেছে। শ্বেৰমান আলীয়ে কৰা মন্তব্য গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে কংগ্ৰেছে। সামাজিক ভাতৃত্ববোধ নষ্ট কৰিব পৰা মন্তব্য কিয় কৰিব লগা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ইয়াৰ লগতে বিজেপিৰ এজেণ্ট হিচাপে শ্বেৰমান আলীয়ে কাম কৰি আছে নেকি বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতৃত্বই। কিন্তু প্ৰশ্ন হয়-অসমৰ মাটিত শ্বহীদক প্ৰশ্ন কৰাৰ সাহস শ্বেৰমানক দিলে কোনে? লাচিত বৰফুকন-বাঘ হাজৰিকাৰ সপোনৰ অসমখন যদি ধৰ্মৰ ভিত্তিত ভাগ হয় তেন্তে বিজেপিৰ সমানে জগৰীয়া হ’ব কংগ্ৰেছ। কিন্তু প্ৰশ্ন হয় – শ্বেৰমানৰ দৰে সাম্প্ৰদায়িক সংঘৰ্ষত সাৰ-পানী যোগোৱা জনপ্ৰতিনিধিক মুখত লেকাম লগাব কোনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.