আজি অসম আৰক্ষী দিৱসঃ কিন্তু কিয় পালন কৰা হয় এই দিৱস?

Share This Article

আজি অসম আৰক্ষী দিৱস। অসমৰ আইন-শৃংখলা আৰু প্ৰশাসনিক দিশটোৰ বাবে এটা বিশেষ দিন। অইন বাৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৭১ সংখ্যক অসম আৰক্ষী দিৱস। প্ৰতি বছৰৰ অক্টোবৰ মাহৰ পহিলা দিনটোতে পালন কৰা হয় এই দিৱস।

কিন্তু পহিলা অক্টোবৰতেই কিয় পালন কৰা হয় এই দিৱস?

১৯৫১ চনৰ আজিৰ দিনটোতেই ভাৰতীয় আৰক্ষী সেৱা বিষয়া কে আৰ চৌধুৰীয়ে ব্ৰিটিছ বিষয়া জে এইচ ৰীডৰ পৰা অসম আৰক্ষীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সেই দিনটোৰ স্মাৰক হিচাপে প্ৰতি বছৰে পহিলা অক্টোবৰৰ দিনটোতেই পালন কৰা হয় অসম আৰক্ষী দিৱস।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.