সুখবৰঃ অসম জীয়ৰী ড° অনন্যা গোস্বামীলৈ AIIMSৰ বিশেষ সন্মান

Share This Article

অসম সন্তান ড° অনন্যা গোস্বামীলৈ বিশেষ বঁটা আগবঢ়াইছে AIIMSয়ে। AIIMSৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা হৈছে এই বটাঁ। ডাঃ বোধ ৰাজ চাৱৰবাল স্বৰ্ণ পদকেৰে সন্মানিত কৰা হল গোস্বামীক। চকু চিকিৎসা বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ চিকিৎসক বঁটা লাভ কৰিছে অনন্যাই। অনন্যাৰ হাতত এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই। নলবাৰীৰ প্ৰসিদ্ধ চিকিৎসক শুভ্ৰ কিংকৰ গোস্বামী আৰু ড° বিজুলী গোস্বামীৰ কন্যা অনন্যা গোস্বামী। অনন্যাৰ সফলতাক লৈ এতিয়া উৎফুল্লিত ৰাজ্যৰ জনতা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.