কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান মটৰ শ্ৰমিক সন্হাৰঃ নচলিব নেকি গাড়ী-মটৰ?

Share This Article

কাইলৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে মটৰ শ্ৰমিক সন্হাই। চৰকাৰে গাড়ীৰ নথি-পত্ৰ নৱীকৰণৰ বাবে বান্ধি দিয়া সময়ৰ বিৰোধিতা কৰি অন্তত ৬ মাহৰ সময় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে মটৰ শ্ৰমিক সন্হাই। সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙ্গলবাৰে পুৱা ৫ বজালৈ চকা বন্ধৰ আহ্বান জনাইছে সন্হাটোৱে। কাইলৈ দেশৰ কৃষক সমাজে আহ্বান কৰা ২৪ ঘন্টীয়া ভাৰত বন্ধকো পূৰ্ণ সমৰ্থন জনাইছে মটৰ শ্ৰমিক সন্হাই। মটৰ শ্ৰমিক সকলৰ সমস্যা সমাধানৰ বাবে এতিয়া চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাইছে মটৰ শ্ৰমিক সন্হাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.