অসমৰ উচ্ছেদ অভিযানক লৈ চিন্তিত পাকিস্তানঃ কিন্তু কিয়?

Share This Article

দৰং জিলাত ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোকে প্ৰায় তিনি কুৰি বছৰ ধৰি অবৈধ ভাৱে বসবাস কৰি অহা ৪৫০০ বিঘা মাটি মোকলাই বৃহৎ কৃষি প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। দুৰ্ভাগ্যজনক ভাৱে উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী-প্ৰশাসন আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলস্বৰূপে ২ প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে আৰক্ষী সহ প্ৰায় ১০ জন লোক এই অভিযানত আহত হৈছে। কিন্তু ইয়াৰ মাজতে অসমৰ উচ্ছেদ অভিযানক লৈ এতিয়া চিন্তিত হৈ পৰিছে পাকিস্তান। আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গৰুখুটিঁৰ উচ্ছেদ অভিযানৰ দৃশ্য সম্প্ৰচাৰ হোৱাৰ পিছতে এতিয়া উচ্ছেদক লৈ অসম তথা ভাৰতৰ মুছলমানক টাৰ্গেট কৰি লৈছে পাকিস্তানে। পৰিস্থিতিৰ সুযোগ লৈ ভাৰতক বদনাম কৰাৰ অপচেষ্টা কৰিছে পাকিস্তানে। বেদখলকাৰীৰ উচ্ছেদক মুছলমান উৎখাত অভিযান আখ্যা দিছে পাকিস্তানে। পাকিস্তানৰ ইছলামাবাদস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়লৈ ইতিমধ্যেই চমন জাৰি কৰিছে পাকিস্তান প্ৰশাসনে। অৱশ্যে অসমৰ উচ্ছেদে ভাৰত-পাকিস্তানৰ বৈদেশিক সম্পৰ্কত কি প্ৰভাৱ পেলাব পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.