ছিপাঝাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদঃ কি কলে ভূপেন বৰাই?

Share This Article

কালি ছিপাঝাৰত চৰকাৰে চলোৱা উচ্ছেদ অভিযানত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা আৰু আতংকৰ । উচ্ছেদৰ বিৰোধীতাৰে প্ৰতিবাদত বহিছিল উচ্ছেদিত জনতা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিৰ ফলত ২ জনকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী সহ ৯ জনকৈ লোক আহত হৈছে। ইয়াকে লৈ আজি উচ্ছেদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। উচ্ছেদস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। DC-SP মুৰ্দাবাদ ধ্বনিৰে উচ্ছেদস্থলী কঁপাই তোলে কংগ্ৰেছ কৰ্মী সকলে। DC-SPক নিলম্বন কৰাৰ দাবী জনায় সাংসদ আব্দুল খালেকে। আৰক্ষী আৰু প্ৰশাসনৰ সৈতে তীব্ৰ বাক যুদ্ধতো লিপ্ত হয় সভাপতি ভূপেন বৰা সহ কংগ্ৰেছ কৰ্মী সকল। সুশান্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদ নচলিব শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সাংসদ খালেকে। তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰো দাবী উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.