উচ্ছেদিত লোক সকল যদি বিদেশী তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়কঃ ৰকিবুল হুছেইন

Share This Article

ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ বেদখলৰ বিৰুদ্ধে তীব্ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে শাসনাধীষ্ঠ বিজেপি চৰকাৰে। ৰাইজক চমক দিয়াৰ কাৰণেই হওক বা বেদখল মুক্ত কৰাৰ বাবেই হওক, বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ এতিয়া সষ্টম। কিন্তু ইয়াৰ মাজতে ছিপাঝাৰৰ উচ্ছেদ অভিযানক লৈ সৰৱ হৈ পৰিছে চামগুৰিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন। উচ্ছেদ অভিযান সম্পৰ্কে মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে উচ্ছেদিত লোক সকল যদি বিদেশী তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়ক। দৰিদ্ৰ মানুহৰ ঘৰ ভাঙি চৰকাৰ সফল হব নোৱাৰে।
ছিপাঝাৰৰ উচ্ছেদ অভিযানক লৈ এনেদৰেই চৰকাৰক ক্ষুৰধাৰ সমালোচনাৰে থকা সৰকা কৰিলে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত শীঘ্ৰেই আলোচনাত বহিব ৰকিবুল হুছেইন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.