Investigative reporting with dedication.

বিদ্যালয় একত্ৰিতকৰণৰ বাবেই ৰাজ্যত বন্ধ হোৱাৰ দিশে ২০০০ খন বিদ্যালয়। যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব দুই হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ পূৰ্বেই এই সন্দৰ্ভত গঠিত কৰা হব আয়োগ আৰু আয়োগৰ পৰামৰ্শ অনুসৰি আগবাঢ়িব ৰাজ্য চৰকাৰ। এই বিশেষ ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত হ’বলগীয়া নতুন শিক্ষা নীতি আয়োগে পৰামৰ্শ লৈ অক্টোবৰত অধিক খৰটকীয়াকৈ কাম কাজ আৰম্ভ কৰাৰ লক্ষ্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ ষষ্ঠ শ্ৰেণীৰ পৰা ভকেছনেল শিক্ষাক বাধ্যতামূলক কৰাৰো ইংগিত প্ৰদান কৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে। চ্যুকাফাকে ধৰি অসম প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা বিশেষ ব্যক্তিৰ তথ্য সম্বল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়ায় ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ৷




